ETV Bharat / state

বৰমাত বিদ্যুৎস্পৃষ্ট হৈ নিহত শ্ৰমিক

author img

By

Published : Oct 20, 2019, 5:36 PM IST

শক্তি বিভাগৰ গাফিলতিৰ বাবে পুনৰ প্ৰাণ হেৰুৱালে এগৰাকী শ্ৰমিকে ৷ বাক্সা জিলাৰ বৰমাত সংঘটিত হৈছে এই ঘটনা ৷ শনিবাৰে নিশাৰ ভাগত উচ্চক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি কৰুণ মৃত্যুক সাৱতি লয় সত্যজিত দাস নামৰ শ্ৰমিকগৰাকীয়ে ৷

বিদ্যুৎস্পৃষ্ট হৈ নিহত শ্ৰমিক

বৰমা, 20 অক্টোবৰঃ শক্তি বিভাগৰ গাফিলতিৰ বাবে পুনৰ প্ৰাণ গ'ল এগৰাকী শ্ৰমিকৰ ৷ বাক্সা জিলাত শনিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা ৷ জিলাখনৰ বৰমাৰ পূব চ'কত সংঘটিত ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱায় এগৰাকী সাধাৰণ শ্ৰমিকে ৷ নিহত শ্ৰমিকজন বৰবৰী আৰক্ষী চকীৰ অন্তৰ্গত পলাশী গাঁৱৰ বৰুণ দাসৰ পুত্ৰ সত্যজিত দাস বুলি জানিব পৰা গৈছে ৷

ঘটনাসন্দৰ্ভত প্ৰত্যক্ষদৰ্শীৰ ভাষ্য

ঘটনা অনুসৰি, বৰমাৰ পূব চ'কত শিল বালি কঢ়িওৱা ট্ৰাকত কৰ্মৰত সত্যজিত দাসে অসাৱধানবশত উচ্চক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহে ৷ ফলত ঘটনাস্থলীতে নিহত হয় শ্ৰমিক সত্যজিত দাস ৷ সেইস্থানত থকা বিদ্যুৎ পৰিবাহী তাঁৰডাল বিপদজ্জনকভাৱে তললৈ হালি আছিল আৰু তাৰ বাবেই সংঘটিত হয় শোকাৱহ ঘটনাটো ৷

শ্ৰমিকজনৰ বাসগৃহৰ পৰিৱেশ

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত লোকে সত্যজিতক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ আনহাতে ঘটনাক লৈ শ্ৰমিকজনৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে ৷ কিয়নো ঘটনা সংঘটিত হোৱাৰ পিচৰে পৰাই চিকিৎসালয়লৈ নিয়াককৈ সমগ্ৰ ঘটনাটো পৰিয়ালৰ লোকক অৱগত কৰাৰ পৰা বিৰত আছিল ট্ৰাকখনৰ গৰাকীয়ে ৷ আনহাতে দুখীয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী 23 বছৰীয়া শ্ৰমিকজনৰ মৃত্যুক সাধাৰণভাৱে ল'ব পৰা নাই গাঁৱবাসীয়ে ৷ ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰিছে গাঁৱবাসীয়ে ৷

Intro:বৰমাত বিদ্যুত স্পট হৈ শ্ৰমিকৰ মৃত্যুBody:বাক্সাৰ বৰমাত বিদ্যুতপৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু
বৰমা, ২০ অক্টোবৰঃ
বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে বাক্সাৰ বৰমাত প্ৰাণ হৰুৱালে এজন শ্ৰমিকে ৷ বিভাগটোৰ মৰণফান্দ সদৃশ হালি থকা তাৰত লাগি কৰুণ মৃত্যুক সাৱটি লয় সত্যজিত দাস নামৰ তেইশ বছৰীয়া যুৱকজনে ৷ শনিবাৰে সন্ধিয়া বৰমাৰ পূৱ চ'কত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷ মৃত শ্ৰমিকজন জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত পলাশীৰ বৰুণ দাসৰ পুত্ৰ ৷ বালি কঢ়িওৱা ট্ৰাকত শ্ৰমিক আছিল যুৱকজন ৷ জানিব পৰা মতে বালি ভৰ্তি ট্ৰাক এটা পৰিয়ালত আনলোড কৰি পথলৈ অহাৰ সময়তে নিচেই ওচৰতে থকা বিদ্যুত পৰিবাহী তাৰ ট্ৰাকখন লাগি সত্যজিত দাস বিদ্যুতপৃষ্ট হৈ ট্ৰাকখনত লাগি ধৰে ৷ পিচত উপস্থিত লোকে শ্ৰমিকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষনা কৰে ৷ ইফালে একমাত্ৰ উপাৰ্জনক্ষম পুত্ৰৰ কৰুণ মৃত্যুত পৰিয়ালটো শোঁকত ভাঙি পৰে ৷
বাইট---- প্ৰত্যক্ষদৰ্শী ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বৰমাত বিদ্যুত স্পট হৈ শ্ৰমিকৰ মৃত্যু
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.