বাক্সা, 26,জুন : গোলকীকৰণ, উদ্যোগীকৰণৰ ফলত বৰ্তমান প্ৰকৃতিলৈ যথেষ্ঠ প্ৰত্যাহ্বান নামি আহিছে ৷ উন্নত প্ৰযুক্তিৰে আমি যিমানেই আগুৱাই গৈছো সিমানেই যেন হ্ৰাস পাইছে প্ৰকৃতিৰ ভাৰাসাম্যতা ৷ প্ৰকৃতি সংৰক্ষণৰ স্বাৰ্থত এদল যুৱক । বাক্সাত এসময়ৰ কুখ্যাত চোৰাং কাঠ ব্যৱসায়ী এতিয়া বনৰক্ষাৰ সদাজাগ্ৰত প্ৰহৰী ।
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এক বিশেষ অঞ্চল আৰু এই বিশেষ অঞ্চলটোৱেই হৈছে মানাহ টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত দিহিৰা সংৰক্ষিত বনাঞ্চলৰ প্ৰাকৃতিক নান্দনিকতাৰে ভৰপুৰ দাৰাগাঁও । যেন এক অময়াপুৰী । এই বনাঞ্চলৰে প্ৰাকৃতিক নান্দনিকতাত বিভোৰ এদল যুৱকে প্ৰকৃতি সংৰক্ষণৰ স্বাৰ্থত 2020 চনত "মানাহ দাৰাগাঁও ইকো ট্যুৰিজিম চছাইটি" নামেৰে এটি বেচৰকাৰী সংস্থা গঠন কৰি অঞ্চলটোৰ বনাঞ্চল সংৰক্ষণৰ কামত নিজকে নিয়োজিত কৰে । যাৰ তত্বাৱধানত এতিয়া গঢ় লৈ উঠিবলৈ সক্ষম হৈছে এখন বৃহৎ সেউজ অৰণ্য ।
প্ৰখৰ ৰ'দ অথবা ধাৰাষাৰ বৰষুণকো নেওচি এইসকল লোক এতিয়া প্ৰকৃতিৰ অতন্দ্ৰ প্ৰহৰী ৷ বনজ সম্পদ সংৰক্ষণেই যাৰ মূল উদ্দেশ্য ।
উল্লেখ্য যে, 16 বছৰ পূৰ্বে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত দিহিৰা সংৰক্ষিত বনাঞ্চলটো একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে তহিলং কৰি পেলাইছিল ৷ তাৰোপৰি উক্ত বনাঞ্চলৰ বিভিন্ন স্থানত চলিছিল অবৈধ বেদখল ৷ যাৰ পৰিপ্ৰেক্ষিতত ক্ৰমান্বয়ে সংকুচিত হ'বলৈ আৰম্ভ কৰিছিল বনাঞ্চলৰ মাটি ৷ কিন্তু ভাগ্যক্ৰমে 2020 চনত প্ৰকৃতিপ্ৰেমী অমৰজ্যোতি হাজৰিকা আৰু ৰঞ্জিত গয়াৰীৰ নেতৃত্বত গঠন হোৱা "মানাহ দাৰাগাঁও ইকো ট্যুৰিজিম চছাইটি"ৰ সহযোগত পুনৰ ঠন ধৰি উঠিবলৈ সক্ষম হৈছে বনাঞ্চলখন ৷
স্বেচ্ছাসেৱী সংগঠনটোৱে চোৰাং কাঠ ব্যৱসায়ীসকলক উক্ত সংগঠনটোৰ সদস্য হিচাপে নিয়োগ কৰি সমগ্ৰ অঞ্চলটোত ৰোপন কৰে বহুসংখ্যক গছপুলি । এতিয়া চাৰিওফালে এক সেউজীয়া পৰিৱেশ ৷ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল এসময়ৰ সেই চোৰাং কাঠ ব্যৱসায়ীসকলো এতিয়া হৈ পৰিছে একো একোজন বন সুৰক্ষাকৰ্মী ৷ নিজৰ জীৱনকো তুচ্ছ কৰি এইসকল লোকে এতিয়া নিজকে নিয়োজিত কৰিছে একোজন সফল বনকৰ্মী হিচাপে ৷ বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে এইসকল লোকেই এতিয়া অহৰহ সুৰক্ষা দি আহিছে দিহিৰা বনাঞ্চলৰ গছ-গছনিৰ লগতে তাত থকা বন্যপ্ৰাণীসমূহকো ৷
লগতে পঢ়ক:উত্তৰ কামৰূপ বন-সংমণ্ডলৰ তুলসীবাৰী সংৰক্ষিত এলেকাত বন ধ্বংস যজ্ঞ