ETV Bharat / state

এটি বিশেষ গীৰ্জা : যি বহন কৰিছে প্ৰাচীন কছাৰী ৰাজ্যৰ ঐতিহ্য ! - আৰণাই

প্ৰাচীন বড়ো ৰাজ্য ডিমাপুৰৰ কৃতি-চিহ্নৰ আৰ্হিৰে নিৰ্মিত এটা গীৰ্জা । গীৰ্জাটোত পৰিণত হৈছে এটি সংগ্ৰহালয়লৈ ৷ বড়ো শিল্প-সংস্কৃতিৰে সমৃদ্ধ এই গীৰ্জাটো আছে বৰমাত ৷

a church who become to an bodo cultural museum

author img

By

Published : May 9, 2020, 8:59 PM IST

বাক্সা, 9 মে' : বাক্সা জিলাত শোভা বৰ্ধন কৰিছে এটা বিশেষ গীৰ্জা ঘৰে ৷ ১৯৮৫ চনত ফাদাৰ কুলনদাই স্বামীয়ে সুদূৰ তামিলনাডুৰ পৰা আহি বাক্সা জিলাৰ বৰমা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নিৰ্মাণ কৰিছিল এই গীৰ্জাটো ৷ বড়ো জনগোষ্ঠীয় লোক সকলৰ কৃষ্টি-সংস্কৃতিৰ অপূৰ্ব নিদৰ্শনৰ লগতে গীৰ্জাটোত দেখা যায় পূৰ্বৰ ঐতিহাসিক কছাৰী ৰাজ্য অৰ্থাৎ বৰ্তমানৰ ডিমাপুৰৰ ভগ্নাংশৰ কৃতি চিহ্ন সমূহৰ অনুৰূপ শিল্প ইয়াত দেখিবলৈ পোৱা যায় ৷

এটি বিশেষ গীৰ্জা : যি বহন কৰিছে এখন প্ৰাচীন বড়ো ৰাজ্য !

বড়ো জনগোষ্ঠী লোকৰ আদৰৰ আৰণাইৰ ফুলেৰে শিল্প-কলাৰ ৰূপ দিয়া পৰিলক্ষিত হৈছে গীৰ্জাটোত । বৰমাত বসবাস সৰহ সংখ্যক বড়ো জনগোষ্ঠীৰ লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে যদিও তেওঁলোকে কিন্তু জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতি পাহৰি যোৱা নাই । যাৰ বাবে গিৰ্জাৰ ভিতৰত বাথৌ ধৰ্মাৱলম্বী লোকে যেনেকৈ পূজা কৰে, ঠিক তেনেকৈ মেৰীক দখনা পিন্ধাই কেঁচুৱা বোকোচাত লোৱা, জোচেফক গামোচা পিন্ধাই ৰখাৰ উপৰিও ঔ টেঙা ,খাম,চিফুং ,চেৰেজা,জোঠা, লতা ,সীজু গছ আৰু ম'হৰ মাঠা আদি সজাই থোৱা হৈছে ৷ যীশুৰ প্ৰতিমূৰ্ত্তিতো আৰনাই পিন্ধাই আশীৰ্বাদ দি থকা দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে, প্ৰতিমূৰ্তিসমূহত ব্যৱহাৰ কৰা কাপোৰৰ আৰ্হি সমূহ ফাইবাৰৰে প্ৰস্তুত কৰা হৈছে ৷ গীৰ্জাৰ চিলিংঙতো আৰণাইৰ আৰ্হিৰ শিল্পকলা উপস্থাপন কৰিছে । গীৰ্জাটোৰ প্ৰতিখন খিৰিকীত বড়োসকলৰ বিখ্যাত ফুল "বন্ধুৰাম আগৰটো" গ্লাছেৰে লেমিনেচন কৰা হৈছে । প্ৰাৰ্থনা কৰাৰ সময়ত ঔটেঙাৰ আৰ্হিৰ বাকচৰ পৰা চাকামেন্ট (প্ৰসাদ ) প্ৰদান কৰা হয় এই গীৰ্জাত ।

বাক্সা জিলাৰ বৰমাৰ এই গীৰ্জাটো বিটিচিৰ ভিতৰতে শ্ৰেষ্ঠ গীৰ্জা হিচাপে চিহ্নিত হৈছে আৰু এই গীৰ্জাটো মিনি ডিমাপুৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে । লগতে এই গীৰ্জাটোত যিকোনো ধৰ্মাৱলম্বী লোকে যিকোনো মুহূৰ্ততে দৰ্শন কৰিব পাৰিব বুলি গীৰ্জা পৰিচালনা সমিতিৰ সভাপতি খৰূমছাৰ বসুমতাৰীয়ে ৷

লগতে পঢ়ক : নাও : পেটৰ ভাত মুঠিৰ পৰা বানত উটি যোৱা জীৱনলৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.