ETV Bharat / state

গোৰেশ্বৰত পালন 68 সংখ্যক গোপাল উৎসৱ - গাছবাৰী গড়কা

গোৰেশ্বৰ ৰাজহ চক্ৰৰ সমীপৰ গাছবাৰী গড়কাত পালন কৰা হয় ৬৮ সংখ্যক শ্ৰীশ্ৰী গোপাল উৎসৱ। বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই উৎসৱ ৷ ঐক্য,শান্তি,সম্প্ৰীতি আৰু পৰম্পৰা অটুট ৰাখি গোপাল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই উৎসৱে চলিত বৰ্ষত ৬৮ বছৰ অতিক্ৰম কৰে ৷

গাছবাৰী গড়কা
গোপাল উৎসৱ
author img

By

Published : Feb 7, 2020, 8:54 AM IST

বাক্সা,7 ফেব্ৰুৱাৰীঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ সমীপৰ গাছবাৰী গড়কাত পালন কৰা হয় ৬৮ সংখ্যক শ্ৰীশ্ৰী গোপাল উৎসৱ । বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই উৎসৱ ৷ ঐক্য,শান্তি,সম্প্ৰীতি আৰু পৰম্পৰা অটুট ৰাখি গোপাল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই উৎসৱে চলিত বৰ্ষত ৬৮ বছৰ অতিক্ৰম কৰে ৷ উৎসৱস্থলীত সমবেত তিনি শতাধিক ভক্তই নিশা প্ৰজ্বলন কৰে আৰিয়া ৷ উৎসৱ উপলক্ষে প্ৰথম দিনৰ পৰাই ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হয়। বিশ্বাস অনুসৰি উৎসৱৰ প্ৰথম নিশা আৰিয়া প্ৰজ্বলন কৰিলে ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয় ৷ আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে দিনৰ ভাগত উৎসৱস্থলীত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে ।

লগতে চাওকঃ অসম ৰাজ্যিক পৰিবহন নিগমত ৭০০ খন নতুন বাছৰ অন্তৰ্ভুক্তি

Intro:বাক্সা জিলাৰ গোৰেশ্বৰৰ ৰাজহ চক্ৰ সমীপৰ গাছবাৰী গড়কাত ৬৮ সংখ্যক শ্ৰী শ্ৰী গোপাল উৎসৱ ।

Body:বৃহস্পতিবাৰৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ গাছবাৰী গড়কাত শ্ৰী শ্ৰী গোপাল উৎসৱ। ঐক্য শান্তি সম্প্ৰীতি আৰু পৰম্পৰাৰে অনুষ্ঠিত কৰা হৈছে গোপাল মন্দিৰ প্ৰাঙ্গণত এই উৎসৱ । ৬৮ বছৰীয়া গোপাল উৎসৱত নিশা প্ৰায়
তিনি শতাধিক ভক্তই প্ৰজ্বলন কৰিলে আৰিয়া ৷ এই উৎসৱত প্ৰথম দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হয় । গোপাল উৎসৱত অংশগ্ৰহণ কৰা ভক্ত সকলৰ বিশ্বাস অনুসৰি প্ৰথম দিনা খনৰ নিশা আৰিয়া প্ৰজ্বলন কৰিলে মনোবাঞ্ছা পুৰ্ণ্য হোৱাৰ দাবী ।

Conclusion:আনহাতে গোপাল উৎসৱ আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে দিনৰ ভাগত বিভিন্ন ধৰণৰ কাৰ্য্যসূচী ৰখা হৈছে।

ভাষ্য: সভাপতি উৎসৱ আয়োজক সমিতিৰ

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.