ETV Bharat / state

বিটিআৰ চুক্তিৰ প্ৰতিটো দফা পূৰণ নকৰিলে পুনৰ প্ৰতিবাদত নমাৰ হুংকাৰ এবছুৰ - Bodoland Movement in Assam

দেওবাৰে বাক্সাৰ অদালবাৰীত পালন কৰা হয় বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ ৩৫ সংখ্যক মৃত্যু দিৱস (35th Death Anniversary of Martyr Sujit Narzary) ৷ এই আন্দোলনৰ প্ৰথম কাৰ্যসূচীৰ অংশ স্বৰূপে পুৱা এবছুৰ পতাকা অৰ্ধ উত্তোলন কৰে বাক্সা জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি উমেশ দৈমাৰীয়ে ।

Martyr Sujit Narzary observe 35th Death Anniversary in Baska
শ্বহীদ সুজিত নাৰ্জাৰীৰ ৩৫ সংখ্যক মৃত্যু দিৱস পালন
author img

By

Published : Jun 12, 2022, 5:09 PM IST

বাক্সা, ১২ জুন : ‘‘বড়োসকলে সময়ে সময়ে প্ৰাপ্য তথা অধিকাৰৰ বাবে আন্দোলন কৰি আহিছে । যাৰ উদাহৰণ হ’ল সুজিত নাৰ্জাৰী ৷ সুজিত নাৰ্জাৰী হৈছে বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ (First Martyr of Bodoland Movement)’’ । শ্বহীদ সুজিত নাৰ্জাৰীৰ ৩৫ সংখ্যক মৃত্যু দিৱস উপলক্ষে দেওবাৰে বাক্সা জিলাৰ অদালবাৰীৰ কলাগুৰু বিষ্ণু ৰাভা খেলপথাৰত আয়োজন কৰা এক সভাত এই মন্তব্য কৰে বাক্সা জিলাৰ বড়ো ছাত্ৰ সন্থাৰ সভাপতি উমেশ দৈমাৰীয়ে ৷

বাক্সা জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে লগতে কয়, ‘‘এই বড়োলেণ্ড আন্দোলনৰ বাবেই বিএচি, বিটিচি আৰু বিটিআৰ চুক্তি চাক্ষৰ হয় । এই চুক্তি অনুসৰি চৰকাৰে যদি বড়ো জনগোষ্ঠীৰ উন্নয়ন আৰু সুৰক্ষাৰ দায়িত্ব নলয়, তেতিয়া হ'লে আগন্তুক দিনত আকৌ আন্দোলন হ'ব’’ (Bodoland Movement in Assam)।

শ্বহীদ সুজিত নাৰ্জাৰীৰ ৩৫ সংখ্যক মৃত্যু দিৱস পালন

সেয়ে বিটিআৰৰ চুক্তিৰ প্ৰতিটো দফা পুৰণ কৰাৰ কাৰণে এই অনুষ্ঠানৰ পৰাই চৰকাৰৰ ওচৰত দাবী জনাই বাক্সাৰ বড়ো ছাত্ৰ সন্থাৰ সভাপতি উমেশ দৈমাৰীয়ে ৷

উল্লেখ্য যে, দেওবাৰে বাক্সাৰ অদালবাৰীৰ কলাগুৰু বিষ্ণু ৰাভা খেলপথাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় বড়ো আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ ৩৫ সংখ্যক মৃত্যু দিৱস (35th Death Anniversary of Martyr Sujit Narzary ) ৷

এই কাৰ্যসূচীৰ অংশ স্বৰূপে পুৱা এবছুৰ পতাকা অৰ্ধ উত্তোলন কৰে বাক্সা জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি উমেশ দৈমাৰীয়ে । পতাকা উত্তোলন কাৰ্যসূচীৰ পিছত শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰে আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰনিশ চাংৰাং ৰামচিয়াৰীয়ে । ইয়াৰ পিছত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷

লগতে পঢ়ক : নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য: সংস্থাপনৰ বাবে হাহাকাৰ লাখ লাখ যুৱক-যুৱতীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.