ETV Bharat / state

ইউপিপিএলৰ যুৱ মৰ্চাৰ সভাত তিনি শতাধিক সদস্যৰ যোগদান

author img

By

Published : Aug 11, 2020, 11:57 PM IST

বিটিচিৰ তামুলপুৰ মহকুমাৰ 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ফনীন্দ্ৰ নাৰ্জাৰীৰ এখন নিৰ্বাচনী সভাত দলটোত যোগদান কৰে এইসকল লোকে ৷ উল্লেখ্য যে,দৰঙাজুলি ব্ল'ক ইউপিপিএলৰ সভাপতি তাৰেশ্বৰ ৰামচিয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল উক্ত সভাখন ৷

300 new member joined in UPPL at Tamulpur
ইউপিপিএলৰ যুৱ মৰ্চাৰ সভাত তিনি শতাধিক সদস্যৰ যোগদান

বাক্সা, 11 আগষ্ট: বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল ৷ ইয়াৰ মাজতে মঙলবাৰে আনন্দবজাৰত অনুষ্ঠিত হোৱা এখন সভাত ইউপিপিএল দলত যোগদান কৰে বিভিন্ন দল সংগঠনৰ প্ৰায় 3 শতাধিক সদস্যই ৷ বিটিচিৰ তামুলপুৰ মহকুমাৰ 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ফনীন্দ্ৰ নাৰ্জাৰীৰ এখন নিৰ্বাচনী সভাত দলটোত যোগদান কৰে এইসকল লোকে ৷

উল্লেখ্য যে,দৰঙাজুলি ব্ল'ক ইউপিপিএলৰ সভাপতি তাৰেশ্বৰ ৰামচিয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল উক্ত সভাখন ৷ সভাত ইউপিপিএলৰ কেন্দ্ৰীয় উপ-সভাপতি হিৰন্য চৌধুৰীয়ে অংশ গ্ৰহন কৰি কয় যে,বিটিচিত ইউপিপিএলৰ ধুমুহা বলিছে ৷ ইউপিপিএল দলে সকলো জনগোষ্ঠীকে সমভাৱে চাইছে ৷ বাগিছাৰ ফুলৰ লগত জাতি জনগোষ্ঠীক তুলনা কৰি চৌধুৰীয়ে কয় যে, সকলো জাতি জনগোষ্ঠী এক হৈ থাকিলেহে ঐক্য সম্প্ৰীতি অটুট থাকিব ৷ ইয়াৰ ওপৰিও বিটিচিত চৰকাৰ গঠন কৰাৰ পিচত বিটিআৰ চুক্তিখন ৰূপায়ন কৰা হ'ব ৷ সম্প্ৰতি বিটিচিত এমএলএ,এমচিএলএক লগ কৰাৰ কোনো নিৰ্দিষ্ট স্থান নাই কিন্তু বিটিআৰ চুক্তি অনুসৰি এমএলএ বা এমচিএলএক লগ ধৰাৰ বাবে সুকীয়া ভৱন নিৰ্মান কৰা হ'ব বুলি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে ইউপিপিএলৰ কেন্দ্ৰীয় উপ-সভাপতি হিৰন্য চৌধুৰীয়ে ৷

26 নং দৰঙাজুলি সমষ্টিৰ প্ৰাৰ্থী ফনীন্দ্ৰ নাৰ্জাৰীয়ে মন্তব্য কৰে যে,দৰঙাজুলি সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থীৰ জয় নিশ্চিত ৷ এই কথা সভাত ৰাইজৰ উপস্থিতিয়ে প্ৰমান কৰিছে ৷ লগতে সোতৰটা বছৰত বিপিএফে একো কাম নকৰিলে বুলি মন্তব্য কৰি বিপিএফ দলক তীব্ৰ সমালোচনা কৰে ফনীন্দ্ৰ নাৰ্জাৰীয়ে ৷ উল্লেখ্য যে,সভাত উপস্থিত থাকে যুৱ ইউপিপিএলৰ কেন্দ্ৰীয় সভাপতি সোমনাথ নাৰ্জাৰী,ইউপিপিএলৰ কেন্দ্ৰীয় উপ-সভাপতি হিৰন্য চৌধুৰী,ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মনোজ গয়াৰী,ইউপিপিএলৰ দৰঙাজুলি ব্ল'কৰ সম্পাদক প্ৰবীন বড়োকে আদি কৰি ইউপিপিএল দল আৰু যুৱ ইউপিপিএলৰ নেতা-কৰ্মীসকল ৷

লগতে পঢ়কঃ কলগাছিয়াৰ শওপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.