বাক্সা,১০ এপ্ৰিল: বাক্সাৰ লেব্ৰা-শান্তিপুৰত 7 এপ্ৰিলত এগৰাকী বৃদ্ধক কুঠাৰেৰে ঘপিয়াই হত্যা কৰা চানু মুৰ্মুক সনিবাৰে বৰবৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ বৰবৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ তালুকদাৰে জানিবলৈ দিয়া মতে, মূল অভিযুক্ত চুন্দা মুৰ্মুক শুকুৰবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পাছতেই শনিবাৰে আৰক্ষীয়ে চুন্দা মুৰ্মুৰ সহযোগী চুবান মুৰ্মুকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে, মাটি-বাৰীৰ সংঘাতক কেন্দ্ৰ কৰি লোক দুজনে বৃদ্ধজনক হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়ক : মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ তিনিটা গঁড় পোৱালীৰ