ETV Bharat / state

বাক্সাত জব্দ অবৈধভাৱে শিল কঢ়িওৱা ২ খন ডাম্পাৰ

অবৈধভাৱে শিল কঢ়িওৱা ডাম্পাৰ দুখনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ বন বিভাগৰ

কুমাৰীকাটা বন বিভাগৰ কাৰ্যালয়
author img

By

Published : Mar 2, 2019, 11:37 PM IST

বাক্সা, ২মাৰ্চ : ভাৰত-ভূটান সীমান্তত দাম্পাৰৰ দৌৰাত্ম্য অব্যাহত থকাৰ সময়তে কুমাৰীকাটা বন বিভাগৰ বিশেষ সাফল্য । শুকুৰবাৰে কুমাৰীকাটা বন বিভাগে ভূটানৰ পৰা অবৈধ ভাবে শিল কঢ়িওৱা দুখনকৈ দাম্পাৰ জব্দ কৰে ।

বাক্সাত জব্দ অবৈধভাৱে শিল কঢ়িওৱা ২ খন দাম্পাৰ
শুকুৰবাৰে সন্ধিয়াৰ ভাগত এক বিশেষ সূত্রৰ পম খেদি কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী বীৰেন বড়োৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে দৰংগামেলা এছ এছ বিৰ সহযোগত ভাৰত-ভূটান সীমান্তত অভিযান চলায়। এই অভিযান কালত দলটোৱে চালান বিহীন ভাবে ভূটান ৰাষ্ট্ৰৰ পৰা শিল কঢ়িয়াই ভাৰতত প্ৰবেশ কৰাAS-25-DC-2003 আৰুAS-25-D C-2004 নম্বৰৰ দাম্পাৰ দুখন জব্দ কৰাৰ লগতে বাহনদুখনৰ চালক দুজনকো আটক কৰে । উল্লেখ্য় যে অবৈধ ভাৱে বিদেশী ৰাষ্ট্ৰৰ পৰা শিল কঢ়িওৱা দাম্পাৰ দুখনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে বন বিষয়াই।

SLUG-A_BAK_02MAR_801_TO_811_FOREST_TWO_DUMPER_SIEZ_VIS+BYTE_Ajit_Rabha

ভাৰত ভূটান সীমান্তত ভূটান ৰাষ্ট্ৰৰ পৰা অবৈধ ভাবে শিল কঢ়িওৱা দাম্পাৰ জব্দ কুমাৰীকাটা বন বিভাগৰ ।

ৰঙিয়া-তামুলপুৰ-ভূটান ঘাইপথত দাম্পাৰৰ দৌৰাত্ম্য অব্যাহত থকাৰ সময়তে কুমাৰীকাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মী সকলে ভাৰত-ভুটান সীমান্তত ভূটান ৰাষ্ট্ৰৰ পৰা অবৈধ ভাবে শিল কঢ়িওৱা দুখনকৈ দাম্পাৰ জব্দ কৰে। কালি অৰ্থাৎ ১ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰায় ৬-৩০ মান বজাত  এক বিশেষ সূত্রৰ খৱৰ অনুসৰি কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী বীৰেন বড়োৰ নেতৃত্বত যোৱা বান বিভাগৰ এটি দলে দৰংগামেলা এছ এছ বিৰ সহযোগত ভাৰত-ভূটান সীমান্তত অভিযান চলায়। অভিযান কালত দলটোৱে চালান বিহীন ভাবে ভূটান ৰাষ্ট্ৰৰ পৰা শিল কঢ়িয়াই ভাৰতত প্ৰবেশ কৰা  AS-25-DC-2003 আৰু  AS-25-D C-2004 নম্বৰৰ দাম্পাৰ দুখন ৰখাই লৈ নথি পত্ৰ পৰীক্ষা কৰে। পৰীক্ষা কৰি গাড়ী দুখনৰ বৈধ নথিপত্র আৰু চালান নোহোৱাৰ বাবে দাম্পাৰ দুখন জব্দকৰে আৰু কুমাৰীকাটা বানাঞ্চলিক কাৰ্য্যলৈলৈ লৈ আনে |
দাম্পাৰ দুখনে মুঠ 38 ঘন মিটাৰ কটা শিল গুৱাহাটীলৈ কঢ়িয়াই লৈ যোৱাৰ কথা আছিল। দাম্পাৰ দুখনৰ সৈতে থকা দুই চালককও আটক কৰে আৰু আজি দুই চালকক ব্যক্তিগত জামিনত মুকলি কৰি দিয়ে। অবৈধ ভাৱে বিদেশী ৰাষ্ট্ৰৰ পৰা শিল কঢ়িওৱা দাম্পাৰ দুখনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰিছে বান বিষয়াই।

বাইট- বীৰেন বড়ো, বন বিষয়া, কুমাৰীকাটা বানাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়।

Ajit Rabha BAKSA
ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.