ETV Bharat / state

বাক্সাৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান

author img

By

Published : Mar 9, 2019, 1:22 PM IST

বাৰেৰহণীয়া সংস্কৃতিক কাৰ্যসূচীৰে জীপাল বিদ্যায়ৰ বাকৰি

বাক্সাৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান

বাক্সা,৯ মাৰ্চ: তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ বাক্সা জিলাৰ গোৰেশ্বৰস্থিত শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান৷

বাক্সাৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান

শনিবাৰে গছপুলি ৰোপণ, স্মৃতি তৰ্পন, প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সমাৰোহ আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰ হৈ পৰে নিকেতনৰ বাকৰি ৷ আনহাতে কাইলৈ এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, আলোচনা চক্ৰৰ লগতে অন্তিম দিনটোৰ মুকলি সভাত কেইবাজনো শিক্ষাবিদ, সাহিত্যক তথা বিশিষ্ট লোকৰ সমাহাৰ ঘটিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে ৷

Slug : A_BAK_9MAR_801_TO_809_SILVER JUBLEE CELEBRATION_VIS+BYTE_Ajit_Rabha

Visual in FTP

আজিৰে পৰা আৰম্ভ হৈছে বাক্সা জিলাৰ গোৰেশ্বৰস্থিত শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান৷ আজিৰে পৰা তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে  অনুষ্ঠিত  সামৰণি অনুষ্ঠানৰ  কাৰ্যসূচী অনুসৰি  ৰাতিপুৱা পতাকা উত্তোলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰ কান্ত মজুমদাৰে৷ ইয়াৰ পিছতে গছপুলি ৰোপন, স্মৃতি তৰ্পন, প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সমাৰোহ আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন কৰা হয৷ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানক লৈ গোৰেশ্বৰত এক উদুলি - মূদুলি পৰিবেশৰ  সৃষ্টি হৈছে৷ 1994 চনতে গোৰেশ্বৰৰ মাজ মজিয়াত  স্থাপন হয়  বিদ্যা ভাৰতীৰ শিশু শিক্ষা সমিতিৰ  অন্তৰ্গত   শংকৰদেৱ শিশুনিকেতনখন ৷
ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত অংশ লৈছে প্ৰাক্তন ছাত্ৰ- ছাত্ৰী, প্ৰাক্তন শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ প্ৰাক্তন বিষয়- বিষয়াৰ উপস্থিতিত  উদুলি মুদলি পৰিবেশৰ সৃষ্টি হয় সমাৰোহ থলী৷ কাইলৈ পুৱা এক বৰ্ণাঢ্য সাংস্কৃতিক  শোভা যাত্ৰা, আলোচনা চক্ৰৰ লগতে অন্তিম দিনা অনুষ্ঠিতিব্য মুকলি সভাত  কেইবাজনো শিক্ষাবিদ, সাহিত্যক তথা বিশিষ্ট লোকৰ সমাহাৰ ঘটিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে৷

ভাষ্য:- পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু ছাত্ৰ- ছাত্ৰী৷

Ajit Rabha BAKSA
ETV Bharat Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.