বাক্সা,10মাৰ্চঃ ১৮মাহে বিদ্যালয়ত উপস্থিত নথকাকৈ শিক্ষকে পালে চৰকাৰী দৰমহা ।
বাক্সাৰ গোৰেশ্বৰ ঢোলকুচি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক আচিক ইকবাল খান ।
বাক্সা জিলাৰ শিক্ষা বিভাগৰ কৃপাতেই লাভ কৰি আহিছে শিক্ষকজনে চৰকাৰী দৰমহা।
যোৱা ৪ জানুৱাৰী ১৮ তাৰিখৰ পৰা বিদ্যালয় খনত উপস্থিত নথকাকৈ চৰকাৰী দৰমহা লাভ কৰি থকাৰ অভিযোগ কৰিছে বিদ্যালয় পৰিচালনা সমিতিয়ে। হঠাৎআচিক ইকবাল খানে পুনৰ যোগদান কৰিব বিছৰাত বিদ্যালয় পৰিচালনা সমিতিয়ে যোগদান কৰিবলৈ নিদিলে । এতিয়া অসমৰ শিক্ষামন্ত্ৰী গৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালী খেলা শিক্ষক আচিক ইকবাল খানৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হে লক্ষণীয় হব ।