ETV Bharat / sports

Tokyo Paralympics: গ্ৰুপ Dৰ প্ৰথম মেছত পৰজায় পেডলাৰ সোণালবেন মনুভাই পেটেলৰ - পেৰালিম্পিক 2020

পেৰালিম্পিকৰ মহিলাৰ একক শাখাৰ টেবুল টেনিছৰ গ্ৰুপ Dৰ প্ৰথমখন মেছতে পৰাজিত হ’ল সোণালবেন মনুভাই পেটেল ৷

Tokyo Paralympics: Paddler Sonalben loses against Qian Li in Group D opener
okyo Paralympics: গ্ৰুপ Dৰ প্ৰথম মেছত পৰজায় পেডলাৰ সোণালবেন মনুভাই পেটেলৰ
author img

By

Published : Aug 25, 2021, 2:21 PM IST

স্পৰ্টচ ডেস্ক, 25 আগষ্ট : টকিঅ’ পেৰালিম্পিকত চীনৰ কিয়ান লীৰ বিপৰীতে গ্ৰুপ Dৰ নিজৰ প্ৰথমখন মেছতে 3-2ৰ ব্যৱধানত পৰাজিত হ’ল ভাৰতীয় টেবুল টেনিছ খেলুৱৈ সোণালবেন মনুভাই পেটেল ৷ মহিলাৰ একক শাখাৰ class 3ৰ এই খেলখন অনুষ্ঠিত হৈছিল টকিঅ’ মেট্ৰ’পলিটান জিমনাজিমৰ টেবুল নং 5ত ৷ বিশ্বৰ চতুৰ্থ স্থানৰ খেলুৱৈ কিয়ান লীয়ে সোণালবেনক 36 মিনিটৰ এই খেলখনত 3-2 ছেটত (9-11, 11-3, 15-17, 11-7, 11-4) পৰাস্ত কৰে ৷

এতিয়া বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ Dৰ নিজৰ দ্বিতীয়খন মেছত কোৰিয়াৰ মি গীউ লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব সোণালবেন মনুভাই পেটেল ৷ বুধবাৰৰ খেলখনৰ প্ৰথম গেমত ভাৰতীয় খেলুৱৈগৰাকীয়ে 9-11 ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল যদিও ইয়াৰ পিছতেই অধিক শক্তিশালী ৰূপত উভতি আহে কিয়ান লী ৷ দ্বিতীয় ছেটত মাত্ৰ পাঁচ মিনটতে লীয়ে 11-3 ত জয়লাভ কৰে ৷

তৃতীয় ছেটটো আছিল মাৰাথন আৰু ইয়াত পেটেলে 2016ৰ ৰিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজেতা মি গীউ লীক 17-15ত পৰাজিত কৰে ৷ কিন্তু পৰৱৰ্তী দুটা গেমত লীয়ে একেধাৰে 11-7 আৰু 11-4 ত জয়লাভ কৰে ৷

আনহাতে, মহিলাৰ একক শাখাৰ Class 4ৰ গ্ৰুপ Aৰ মেছত অৱতীৰ্ণ হোৱা আন এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ ভৱানীবেন হছমুখভাই পেটেলেও চীনৰ ঝও য়িঙৰ বিপৰীতে 3-0ত পৰাজিত হয় ৷

লগতে পঢ়ক : অলিম্পিক আয়োজনৰ দিশে ভাৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.