স্পৰ্টছ ডেস্ক, 4 আগষ্ট: টকিঅ' অলিম্পিক(Tokyo Olympics)ত পুৰুষৰ Long Throws Qualification -- Group A ৰ বাবে automatic qualification অৰ্জন কৰাৰ পাচতে ভাৰতীয় Javelin thrower নীৰজ চোপ্ৰাই পুৰুষৰ ফাইনেলৰ বাবে অগ্ৰগতি লাভ কৰিছে ৷ বুধবাৰে প্ৰথমটো প্ৰচেষ্টাতে নীৰজ চোপ্ৰাই পুৰুষৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷
83.50 (Q) বা অতি কমেও 12 শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী(q)ৰ যোগ্যতা অৰ্জনকাৰী প্ৰদৰ্শনে পুৰুষৰ javelin throwৰ ফাইনেললৈ আগবঢ়াই লৈ যাব ৷ অৱশ্যে এই 12টা শ্ৰেষ্ঠ প্ৰদৰ্শন হ'ব গ্ৰুপ A আৰু গ্ৰুপ B ৰ প্ৰতিযোগীসকলৰ এটা গোট ৷ গ্ৰুপ B ৰ qualification ৰাউণ্ড দিনৰ পাচৰ ভাগত অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ গ্ৰুপ A ৰ বাকী throws বোৰো চলি আছে ৷
গ্ৰুপটোত 15তম স্থানত javelin দলিওৱা নীৰজ চোপ্ৰাই প্ৰথম প্ৰচেষ্টাৰ পাচতে ৮৬.৬৫ মিটাৰৰ এটা throw কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ফিনলেণ্ডৰ Lassi Etelataloও প্ৰথমটো প্ৰচেষ্টাতে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে, অলিম্পিক ষ্টেডিয়ামত 7 আগষ্টত পুৰুষৰ Javelin throwৰ ফাইনেল অনুষ্ঠিত হ'ব ৷ ভাৰতৰ আন এগৰাকী Javelin thrower অন্নু ৰাণীয়ে মঙলবাৰে মহিলাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হয় ৷
লগতে পঢ়ক: Tokyo Olympics: ব্ৰঞ্জৰ পদক দখলৰ বাবে কি কৰিব ভাৰতীয় হকী দলে