ETV Bharat / sports

কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লামৰ বাবে নাডালক প্ৰশংসা ফেডাৰাৰৰ

ফ্ৰান্সৰ ৰ'নাল্ড গেৰ'ছ ষ্টেডিয়ামত 13 বাৰৰ বাবে বিজয়ীৰ খিতাপ অৰ্জন কৰিলে টেনিছ খেলুৱৈ ৰাফেল নাডালে । দুৰ্দান্ত প্ৰদৰ্শনেৰে ক্ৰীড়াপ্ৰেমীক আমোদ দিয়া ৰাফেলক অভিনন্দন জনালে ৰ'জাৰ ফেডেৰাৰে । চূড়ান্ত খেলত ন'ভাক জক'ভিছক পৰাস্ত কৰে ৰাফেল নাডালে ।

কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লামৰ বাবে নাডালক প্ৰশংসা ফেডাৰাৰৰ
কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লামৰ বাবে নাডালক প্ৰশংসা ফেডাৰাৰৰ
author img

By

Published : Oct 12, 2020, 1:40 PM IST

স্পৰ্টছ ডেস্ক, ১২ অক্টোবৰ: দেওবাৰে চূড়ান্ত খেলত ন'ভাক জক'ভিছক পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰা ৰাফেল নাডালক অভিনন্দন জনালে ৰ'জাৰ ফেডেৰাৰে । বহুকেইখন একক টেনিছ চেম্পিয়নশ্বিপত ফেডেৰাৰৰ সম পৰ্যায়ৰ খেল প্ৰদৰ্শন কৰিছে আৰু ৰ'নাল্ড গেৰ'ছ ষ্টেডিয়ামৰ ৰঙা মাটিত নিজৰ অভিলেখৰ লগত নতুন অধ্যায় সংযোজন কৰে । 6-0, 6-2, 7-5 পইণ্টৰ পোনপটীয়া জয়েৰে বিশ্বৰ অন্যতম খেলুৱৈ ন'ভাক জক'বিছক পৰাস্ত কৰে নাডালে ।

কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লামৰ বাবে নাডালক প্ৰশংসা ফেডাৰাৰৰ
কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লামৰ বাবে নাডালক প্ৰশংসা ফেডাৰাৰৰ

টুইটযোগে ৰাফেল নাডালক অভিনন্দন জ্ঞাপন কৰি ফেডেৰাৰে কয় যে, 'এজন মানুহ হিচাপে আৰু এজন সুদক্ষ খেলুৱৈ হিচাপে মোৰ মনত বন্ধু ৰাফেলক মই সদায় সন্মান কৰি আহিছো । এয়া বিশেষভাৱে আচৰিতজনক যে, তেওঁ ৰ'নাল্ড গেৰ'ছত 13 বাৰৰ বাবে বিজয়ী হৈছে । মই তেওঁৰ দলক শুভেচ্ছা জনাইছো, কিয়নো কোনেও অকলে এনে সফলতা অৰ্জন কৰিব নোৱাৰে । এই যাত্ৰাৰ মাজত 20টো সংখ্যাহে মাথোঁ আৰু এই যাত্ৰা আগুৱাই নিব লাগিব । তুমি খুব ভাল কৰিলা ৰাফেল নাডাল । তুমি এই খিতাপৰ যোগ্য ।' নাডালৰ জ'ক'বিছৰ বিৰুদ্ধে এয়া 27সংখ্যক জয় ।

ৰোমত অনুষ্ঠিত 'Internazionali BNL d'Italia'ৰ চূড়ান্ত খেলত প্ৰথমবাৰৰ বাবে ৰাফেল নাডালে জক'ভিছক পৰাস্ত কৰিছিল । 2020 ছিজনত 34 বৰ্ষীয় খেলুৱৈজনে 22-4 অভিলেখত উন্নতি কৰে । 1000ৰ অভিলেখ গঢ়া চতুৰ্থগৰাকী খেলুৱৈৰ সন্মান পাবলৈ আৰু মাত্ৰ এখন খেলহে বাকী আছে । মাত্ৰ জিম্মী কন্ন'ৰছ (1274), ফেডেৰাৰ (1242), ইভান লেণ্ডেলে (1068) আটাইতকৈ বেছি ট্যুৰ পৰ্যায়ৰ খেলত জয়ী হৈছে । এতিয়া ৰাফেল নাডালো এই তালিকাৰ অন্তৰ্ভুক্ত হোৱাৰ দিশে গতি কৰিছে ।

লগতে পঢ়ক: আইফেল গ্ৰাঁ-পিক্স : কেৰিয়াৰৰ 91 সংখ্যক জয় লেৱিছ হেমিল্টনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.