ETV Bharat / sports

এটিপি চেলেঞ্জাৰ খিতাপ দখল সুমিত নাগালৰ

author img

By

Published : Sep 30, 2019, 9:50 AM IST

ভাৰতীয় টেনিছ তাৰকা সুমিত নাগালে দেওবাৰে বুয়েনছ আয়াৰ্ছ চেলেঞ্জাৰ টুৰ্ণামেন্টৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ পুৰুষৰ ছিংগলছৰ ফাইনেলত ভাৰতীয় তাৰকাগৰাকীয়ে ঘৰুৱা ফেভাৰেট ফেকাণ্ডো বগনিছক পৰাস্ত কৰি এই খিতাপ দখল কৰে ৷

সুমিত নাগাল

স্পৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰ : ভাৰতীয় টেনিছ তাৰকা সুমিত নাগালে দেওবাৰে বুয়েনছ আয়াৰ্ছ চেলেঞ্জাৰ টুৰ্ণামেন্টৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ পুৰুষৰ ছিংগলছৰ ফাইনেলত ভাৰতীয় তাৰকাগৰাকীয়ে ঘৰুৱা ফেভাৰেট ফেকাণ্ডো বগনিছক পৰাস্ত কৰি এই খিতাপ দখল কৰে ৷

এটিপি চেলেঞ্জাৰ খিতাপ দখল
সুমিত নাগাল

বিশ্ব ৰেংকিঙৰ 161 সংখ্যক স্থানৰ 22 বৰ্ষীয় খেলুৱৈগৰাকীয়ে এঘন্টা আৰু 37 মিনিটৰ যুঁজত বগনিছক 6-4, 6-2 ছেটত পৰাস্ত কৰে ৷ ইয়াৰ জৰিয়তে বুয়েনছ আয়াৰ্ছত এটিপি চেলেঞ্জাৰ খিতাপ দখল কৰা প্ৰথমগৰাকী এছিয়ান হিচাপে পৰিগণিত হয় নাগাল ৷

উল্লেখ্য যে, শেহতীয়াকৈ গ্ৰেণ্ডশ্লামত আত্মপ্ৰকাশ ঘটোৱা সুমিত নাগালে ইউএছ অ'পেনৰ প্ৰথম ৰাউণ্ডতে ৰ'জাৰ ফেডেৰাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল ৷ এই মেচত ফেডেৰাৰৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ'লেও প্ৰথমটো ছেট দখলেৰে ফেডেৰাৰৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল নাগাল ৷

ইউএছ অ'পেন
সুমিত নাগাল আৰু ৰ'জাৰ ফেডেৰাৰ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.