স্পৰ্টচ ডেস্ক,7 জুন: ছুইজাৰলেণ্ডৰ তাৰকা টেনিছ খেলুৱৈ ৰজাৰ ফেডেৰাৰে দেওবাৰে চলিত ফেন্স অ’পেন শৃংখলাৰ পৰা নিজৰ নাম কৰ্তন কৰে ৷ এই কথা নিশ্চিত কৰিছে শৃংখলাৰ আয়োজকে ৷ এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ পোৱা অনুসৰি ‘ফেডেৰাৰে শৃংখলাৰ চতুৰ্থ ৰাউণ্ডৰ পৰা নিজৰ নাম উঠাই লোৱা বুলি জানিব পাৰিছে দ্য ৰোলাণ্ড গ্ৰোছ টুৰনামেণ্টৰ আয়োজকসকলে’ ৷
নিজৰ এই সিদ্ধান্ত সন্দৰ্ভত মন্তব্য কৰি ফেডেৰাৰে কয়, "মই মোৰ দলৰ সৈতে আলোচনা কৰাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰিছো যে মই ৰোলাণ্ড গ্ৰোছৰ পৰা আজি নিজৰ নামতো উঠাই ল’ব লাগে ৷ আঁঠুৰ দুটাকৈ অস্ত্ৰোপচাৰ আৰু এবছৰীয়া পুনৰ্বাসৰ অন্তত মই মোৰ শৰীৰৰ কথা শুনাটো প্ৰয়োজনীয় আৰু মই মোৰ আৰোগ্য লাভৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰ কৰাৰ প্ৰচেষ্টা কৰাটো অনুচিত হ’ব"৷
ফেডেৰাৰে শনিবাৰে ফ্ৰেন্স অ’পেনৰ চতুৰ্থ পৰ্যায়লৈ উন্নীত হৈছিল ৷ খেলুৱৈ গৰাকীয়ে জাৰ্মানীৰ ডমিনিক কইপফাৰক 7-6(5), 6-7(3), 7-6(8), 7-5 ছেটত পৰাস্ত কৰিছিল ৷