স্পৰ্টছ ডেস্ক, 12 আগষ্টঃ কানাডাত অনুষ্ঠিত হোৱা ৰজাৰ্ছ কাপৰ চেম্পিয়ন হ’ল নাডাল আৰু এণ্ড্ৰেস্কু ৷ স্পেইনৰ তাৰকা খেলুৱৈগৰাকী নাডালে পুৰুষ শাখাত ৰুছৰ ডেনিল মেদৱেদেৱক 6-3, 6-0 ছেটত পৰাস্ত কৰি এই খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ নাডালৰ এইটো আছিল পঞ্চমটো ৰজাৰ্ছ কাপৰ খিতাপ ৷
ইপিনে মহিলাৰ শাখাত ছেৰেনা উলিয়ামচক পৰাস্ত কৰি খিতাপ দখল কৰে কানাডৰ বিয়াংকা এণ্ড্ৰেস্কুৱে ৷ অৱশ্যে আঘাতৰ বাবে আধাতে মেচ ত্যাগ কৰে ছেৰেনা উলিয়ামচে ৷ ছেৰেনাই মেচ ত্যাগ কৰাৰ সময়ত 3-1 ছেটত অগ্ৰগতি লৈ আছিল এণ্ড্ৰেস্কুৱে ৷