নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃশীঘ্ৰেই নাওমি অ'ছাকাই হঠাতে লাভ কৰা জনপ্ৰিয়তাৰ সৈতে মোকাবিলাকৰিবলৈ সক্ষম হ'ব - এই কথা ঘোষণা কৰিছে জাপানীজ পুৰুষ টেনিছ খেলুৱৈ কেই নিছিকৰিয়ে । নিছিকৰিয়ে জানিবলৈ দিয়ে যে, অ'ছাকা এগৰাকী মানসিকভাৱে খুব সৱল নাৰী, তেওঁক অলপ সময়ৰ প্ৰয়োজন আৰু অতি সোনকালেই তেওঁ নিজৰ ফৰ্মত ঘূৰি আহিব ।
উল্লেখ্য যে, বিশ্বৰ শীৰ্ষ টেনিছ খেলুৱৈগৰাকীয়ে শেহতীয়াকৈ শ্বাছা বাজিনক প্ৰশিক্ষক পদৰ পৰা বৰ্খাস্ত কৰাৰ পাছতে ডুবাই অ'পেনত সহজ প্ৰতিপক্ষৰ হাতত পৰাজয়বৰণ কৰিব লগা হৈছিল । ইউ এছ অ'পেন আৰু অষ্টেলিয়ান অ'পেন জয়েৰে ২১ বছৰীয়া খেলুৱৈ গৰাকীয়ে খুব কম বয়সতে বিশ্বৰ শীৰ্ষ ৰেংকিঙত উপনীত হ'বলৈ সক্ষম হৈছিল ।