ETV Bharat / sports

ফ্ৰেন্স অ'পেন : দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ ৰাফেল নাডালৰ

author img

By

Published : Sep 29, 2020, 2:27 PM IST

13 সংখ্যক গ্ৰেণ্ডশ্লাম দখলৰ লক্ষ্যৰে ফ্ৰেন্স অ'পেনৰ দ্বিতীয় দিনা প্ৰথম ৰাউণ্ডত জয় সাব্যস্ত কৰিছে ৰাফেল নাডালে ৷ প্ৰথম ৰাউণ্ডৰ যুঁজত তেওঁ পৰাস্ত কৰে বিশ্ব ৰেংকিঙৰ 83 সংখ্যক স্থানৰ বেলাৰুছৰ টেনিছ খেলুৱৈ ইগৰ গেৰাছিমোভক ৷

ফ্ৰেন্স অ'পেন
দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ ৰাফেল নাডালৰ

স্পৰ্টছ ডেস্ক, 29 ছেপ্তেম্বৰ : 13 সংখ্যক গ্ৰেণ্ডশ্লাম দখলৰ লক্ষ্যৰে ফ্ৰেন্স অ'পেনৰ দ্বিতীয় দিনা প্ৰথম ৰাউণ্ডত জয় সাব্যস্ত কৰিছে ৰাফেল নাডালে ৷ প্ৰথম ৰাউণ্ডৰ যুঁজত তেওঁ পৰাস্ত কৰে বিশ্ব ৰেংকিঙৰ 83 সংখ্যক স্থানৰ বেলাৰুছৰ টেনিছ খেলুৱৈ ইগৰ গেৰাছিমোভক ৷ ইগৰে বিশ্বৰ দ্বিতীয় স্থানৰ নাডালক প্ৰথম অৱস্থাত কিছু প্ৰত্যাহ্বান আগবঢ়াইছিল যদিও জয়ৰ বাবে সেয়া পৰ্যাপ্ত নাছিল ৷

দুঘন্টা পাঁচ মিনিটৰ যুঁজত নাডালে 6-4 6-4 6-2 ছেটত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ দ্বিতীয় ৰাউণ্ডত বিশ্বৰ 211 সংখ্যক স্থানৰ আমেৰিকাৰ মেকেঞ্জি মেকড'নাল্ডৰ সন্মুখীন হ'ব নাডাল ৷

দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ ৰাফেল নাডালৰ

অন্য এক মেচত ইউএছ অ'পেন দখলকাৰী ডমিনিক থিয়েমে প্ৰাক্তন বিশ্বৰ তিনি সংখ্যক স্থানৰ তাৰকা মেৰিন চিলিকৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় ৷ কিন্তু থিয়েমে 6-4, 6-3, 6-3 ছেটত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷

আনহাতে, 28 সংখ্যক গ্ৰেণ্ডশ্লাম দখলৰ লক্ষ্যৰে কৰ্টত নমা ছেৰেনা উইলিয়ামছে ক্ৰিষ্টি এনক 7-2, 6-0 ছেটত পৰাস্ত কৰে ৷

ছেৰেনা উইলিয়ামছৰ জয়

লগতে পঢ়ক : ৰাহুলৰ দখলত অৰেঞ্জ কেপ, পাৰপল দখল মহম্মদ ছামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.