স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট : শেহতীয়া আন্তৰ্জাতিক টেবল টেনিছ ফেডাৰেশ্যন (ITTF)ৰ মিক্সড ডাবলছ ৰেংকিঙত চাথিয়ান গ্নানাচেকাৰণ(Sathiyan Gnanasekaran) আৰু মণিকা বাত্ৰা(Manika Batra)ই ষ্টাৰ ইণ্ডিয়ান পেডেলাৰ যুটি(Star Indian paddler) হিচাপে বিশ্বৰ ভিতৰত 20 নম্বৰত বৰ্তি থাকিবলৈ সক্ষম হৈছে ৷
ভাৰতীয় যুটিটোৰ 400 পইণ্ট লাভ কৰাৰ বিপৰীতে কিন্তু জাপানীজ যুটি জুন মিজুটানি(Jun Mizutani) আৰু মিমা ইটো(Mima Ito)ই 3635 পইণ্টৰ সৈতে ৰেংকিঙৰ শীৰ্ষস্থানত আছে । শুকুৰবাৰে চাথিয়ান আৰু মণিকাই ডব্লিউ টি টি কণ্টেণ্ডাৰ বুডাপেষ্ট টেবল টেনিছ ইভেণ্টত(WTT Contender Budapest) মিক্সড ডাবলছত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷
হাংগেৰীৰ নান্দোৰ একচেকি(Nandor Ecseki) আৰু ডোৰা মাদাৰাজক(Dora Madarasz) 3-1 (11-9, 9-11, 12-10, 11-6) স্ক’ৰত পৰাস্ত কৰি খিতাপলাভ কৰা প্ৰথম ভাৰতীয় টেবল টেনিছ খেলুৱৈ হিচাপে পৰিগণিত হয় চাথিয়ান-মণিকা ৷ পঞ্চম স্থান প্ৰাপ্ত ভাৰতীয় যুটিটোৱে 9-9 স্ক’ৰ বান্ধি দিয়াৰ পাচত একচেকি আৰু মাদাৰাজৰ হাতত পৰাস্ত হয় ৷
কিন্তু অন্তিম দুখন মেচত সহজে তেওঁলোকৰ গতি ঘূৰাই আনি মিক্সড ডাবলছৰ(Mixed Doubles) খিতাপ অৰ্জন কৰে । ডব্লিউটিটি বুডাপেষ্টৰ অন্তিম দিনত একমাত্ৰ ভাৰতীয় খেলুৱৈ আছিল চাথিয়ান আৰু মণিকা । মিক্সড ডাবলছ (একক) ৰেংকিঙত মণিকা বাত্ৰাই 33 টা স্থানত জঁপিয়াই 562 পইণ্টৰ সৈতে 19 তম স্থানত উপনীত হয় । ইফালে, চাথিয়ানে 502 পইণ্ট সংগ্ৰহ কৰি 29 তম স্থানত বৰ্তি থাকে ৷
ডব্লিউটিটি কণ্টেণ্ডাৰ চিৰিজ হৈছে চলিত বৰ্ষত মুকলি কৰা ITTF কেলেণ্ডাৰৰ এটা অংশ ৷ ইয়াত দুটা পৰ্যায়ত মেচ অনুষ্ঠিত হয়- ডব্লিউটিটি ষ্টাৰ কণ্টেণ্ডাৰ(WTT Star Contender) আৰু ডব্লিউটিটি কণ্টেণ্ডাৰ(WTT Contender) ৷ এই মেচে কেৱল বিশ্ব ৰেংকিং পইণ্ট লাভ কৰা খেলুৱৈসকলক ডব্লিউটিটি চেম্পিয়নছ(WTT Champions) আৰু গ্ৰেণ্ড স্মেছ(Grand Smash) ইভেণ্টলৈ আগবাঢ়ি যোৱাত সহায় কৰে ।
লগতে পঢ়ক: আফগানিস্তান সংকট: বাতিল হ’ল পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া শৃংখলা