স্পৰ্টছ ডেস্ক,20 আগষ্ট : আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনে (ITF) বুধবাৰে ডেভিছ কাপৰ স্থান সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব ৷ ভাৰত আৰু পাকিস্তানৰ মাজত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিব আই টি এফে ৷ উল্লেখ্য যে,পাকিস্তানত অনুষ্ঠিত হ'বলগা ডেভিছ কাপত ভাৰতীয় টেনিছ দলে অংশগ্ৰহণ কৰাৰ কথা আছিল ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে ভাৰতে পাকিস্তানৰ পৰিৱৰ্তে অন্য স্থানত প্ৰতিযোগিতাখন আয়োজন কৰাৰ অনুৰোধ জনাইছিল ৷
55 বছৰৰ পাছত ভাৰতে প্ৰথমবাৰৰ বাবে পাকিস্তানৰ ইছলামাবাদত ছেপ্তেম্বৰৰ 14 আৰু 15 তাৰিখে অংশগ্ৰহণ কৰাৰ কথা আছিল ৷