ETV Bharat / sports

নৱেম্বৰত পাকিস্তানৰ বিৰুদ্ধে ডেভিছ কাপত ভাৰত - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণ

সৰ্ব ভাৰতীয় টেনিছ এছ'চিয়েছনে (AITA) শুকুৰবাৰে ডেভিছ কাপৰ বাবে নতুন দিন ঘোষণা কৰিছে ৷ নৱেম্বৰৰ 29 তাৰিখৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ডেভিছ কাপৰ মেচসমূহ ৷ AITA ই মন্তব্য কৰা অনুসৰি, নৱেম্বৰৰ 4 তাৰিখে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰা হ'ব ৷ ইয়াৰ পাছতে টুৰ্ণামেন্টখন ইছলামাবাদত নে অন্য কোনো নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰা হ'ব এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷

নৱেম্বৰত পাকিস্তানৰ বিৰুদ্ধে ডেভিছ কাপত ভাৰত
author img

By

Published : Sep 13, 2019, 11:22 PM IST

স্পৰ্টছ ডেস্ক, 13 ছেপ্তেম্বৰ : সৰ্ব ভাৰতীয় টেনিছ এছ'চিয়েছনে (AITA) শুকুৰবাৰে ডেভিছ কাপৰ বাবে নতুন দিন ঘোষণা কৰিছে ৷ নৱেম্বৰৰ 29 তাৰিখৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ডেভিছ কাপৰ মেচসমূহ ৷ AITA ই মন্তব্য কৰা অনুসৰি, নৱেম্বৰৰ 4 তাৰিখে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰা হ'ব ৷ ইয়াৰ পাছতে টুৰ্ণামেন্টখন ইছলামাবাদত নে অন্য কোনো নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰা হ'ব এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷

উল্লেখ্য যে, ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগা টুৰ্ণামেন্টখন আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনে (ITF) বাতিল কৰিছিল ৷ ভাৰত - পাকিস্তানৰ মাজত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ পাছতে খেলুৱৈ সকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে বাতিল কৰা হৈছিল ডেভিছ কাপ ৷ কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে ভাৰতীয় টেনিছ এছ'চিয়েছনে আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনলৈ চিঠি প্ৰেৰণৰ জৰিয়তে নিৰপেক্ষ স্থানত টুৰ্ণামেন্টখন আয়োজনৰ আহ্বান জনাইছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.