ETV Bharat / sports

নিৰপেক্ষ স্থানলৈ স্থানান্তৰিত ভাৰত-পাকিস্তান ডেভিছ কাপ টাই - নিৰপেক্ষ স্থানলৈ স্থানান্তৰিত ভাৰত-পাকিস্তান ডেভিছ কাপ টাই

ভাৰত-পাকিস্তান ডেভিছ কাপ টাইৰ স্থান সলনি কৰাৰ কথা ঘোষণা কৰিছে আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনে ৷ 29-30 নৱেম্বৰত এক নিৰপেক্ষ স্থানত আয়োজন কৰা হ'ব মেচ ৷

ভাৰত-পাকিস্তান ডেভিছ কাপ টাইৰ স্থান সলনি
author img

By

Published : Nov 5, 2019, 11:25 AM IST

স্পৰ্টছ ডেস্ক, 5 নৱেম্বৰ : আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনৰ (ITF) নিৰাপত্তা উপদেষ্টাৰ পৰামশৰ্ৰ ওপৰত ভিত্তি কৰি ভাৰত-পাকিস্তান ডেভিছ কাপ টাইৰ স্থান সলনি কৰা হৈছে ৷ এই সম্পৰ্কত আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনে এক বিবৃতিত উল্লেখ কৰে,"নিৰাপত্তা উপদেষ্টাৰ পৰামৰ্শ অনুসৰি ডেভিছ কাপ কমিটিয়ে ডেভিছ কাপ/অছেনিয়া গ্ৰুপ I টাই ভাৰত-পাকিস্তানৰ 29-30 নৱেম্বৰৰ মেচসমূহ নিৰপেক্ষ স্থানলৈ স্থানান্তৰিত কৰিছে ৷" লগতে কয়, "ITF আৰু ডেভিছ কাপ কমিটিৰ প্ৰাধান্যতা হৈছে খেলুৱৈৰ লগতে বিষয়া-কৰ্মচাৰী আৰু দৰ্শকৰ সুৰক্ষা ৷ সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ৷"

উল্লেখ্য যে,পূৰ্বে 14-15 ছেপ্তেম্বৰত ইছলামাবাদত ডেভিছ কাপ/অছেনিয়া গ্ৰুপ I টাই মেচ আয়োজন কৰাৰ কথা আছিল যদিও সুৰক্ষাজনিত সমস্যাৰ বাবে 29-30 নৱেম্বৰলৈ পিছুৱাই দিয়া হৈছিল ৷

পূৰ্বে সৰ্বভাৰতীয় টেনিছ ফেডাৰেছনে (AITA) আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (ITF) লৈ পত্ৰ প্ৰেৰণ কৰি টুৰ্ণামেন্টৰ স্থান সলনি কৰিবৰ বাবে অনুৰোধ জনাইছিল ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ পাচতে ভাৰত-পাকিস্তানৰ মাজত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ ফলত এই পত্ৰ প্ৰেৰণ কৰিছিল AITA য়ে ৷ ডেভিছ কাপৰ নিয়ম অনুসৰি,বৰ্তমান পাকিস্তান টেনিছ ফেডাৰেছনে পাঁচদিনৰ ভিতৰত এক বিকল্প স্থানৰ নাম প্ৰদান কৰিব লাগিব ৷ নতুন বিকল্প স্থান প্ৰদান কৰাৰ লগতে অনুমোদন লাভ কৰিলেহে ইয়াৰ ঘোষণা কৰা হ'ব ৷

আৰু পঢ়ক : তৎকালীন চিকিৎসাৰ বাবে লক্ষ্নৌ ৰেলৱে' ষ্টেছনত 'Health ATM'

Agra (UP), Nov 05 (ANI): In a bid to combat pollution, district administration has installed air purifying machines in Taj Mahal. RK Rathi, Executive Engineer, Agra Municipal Corporation said, "An agency has been directed to do mechanised cleaning as well as deploy two air purifying machines at the gates of Taj Mahal." "The machines have the capacity to purify 15 thousand cubic metre air in eight hours and we have been using these across the city since last 4 days. We are also doing mechanised cleaning like spraying water on roads and trees in the city," he added.

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.