ETV Bharat / sports

নৱেম্বৰলৈ স্থগিত ভাৰত - পাক ডেভিছ কাপ - নৱেম্বৰলৈ স্থগিত ভাৰত - পাক ডেভিছ কাপ

নৱেম্বৰলৈ স্থগিত কৰা হ'ল ডেভিছ কাপ টুৰ্ণামেন্ট ৷ প্ৰতিৰক্ষা উপদেষ্টাই পাকিস্তানত বৰ্তমানৰ পৰিস্থিতি নিৰীক্ষণ কৰাৰ পাছতে নৱেম্বৰলৈ স্থগিত ৰখা হয় টুৰ্ণামেন্টখন ৷

নৱেম্বৰলৈ স্থগিত ভাৰত - পাক ডেভিছ কাপ
author img

By

Published : Aug 23, 2019, 2:10 PM IST

স্পৰ্টছ ডেস্ক, 23 আগষ্ট : আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনে (ITF) বৃহস্পতিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগা ডেভিছ কাপ নৱেম্বৰলৈ স্থগিত ৰাখিছে ৷ প্ৰতিৰক্ষা উপদেষ্টাই পাকিস্তানত বৰ্তমানৰ পৰিস্থিতি নিৰীক্ষণ কৰাৰ পাছতে নৱেম্বৰলৈ স্থগিত ৰখা হয় টুৰ্ণামেন্টখন ৷

ITF য়ে মন্তব্য কৰে যে, এয়া ব্যতিক্ৰমী পৰিস্থিতি যদিও ফেডাৰেছনে খেলুৱৈৰ সুৰক্ষাক প্ৰাধান্যতা দিয়ে ৷

পূৰ্বে 14-15 ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগা টুৰ্ণামেন্টখন বৰ্তমান নৱেম্বৰত অনুষ্ঠিত হ'ব আৰু ছেপ্তেম্বৰৰ 9 তাৰিখে ইয়াৰ দিন ধাৰ্য কৰা হ'ব ৷ ফেডাৰেছনে পাকিস্তানৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কত পুনৰীক্ষণ চলাই যাব বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে, সৰ্ব ভাৰতীয় টেনিছ এছ'চিয়েছনে (AITA) পাকিস্তানৰ পৰিৱৰ্তে অন্য স্থানত টুৰ্ণামেন্টখন আয়োজিত কৰিবলৈ অনুৰোধ জনাইছিল ৷ জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে ভাৰত আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতি উদ্বিগ্ন হৈ পৰিছিল ৷

Intro:Body:Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.