স্পৰ্টছ ডেস্ক,5 এপ্ৰিল: চলিত বৰ্ষৰ ফ্ৰেন্স অপেন প্ৰতিযোগিতাখন ক’ভিড সংক্ৰমণৰ বাবে বাতিল হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ ফ্ৰান্সৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে সদৰী কৰিছে এই কথা ৷ শেহতীয়াকৈ দেশখনত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ অধিক হোৱা দেখিবলৈ পোৱা গৈছে ৷
দেশখনৰ ক্ৰীড়া মন্ত্ৰী ৰেক্সানা মাৰসিনিয়ুয়ে স্থানীয় এক ৰেডিঅ’ ষ্টেছনৰ সৈতে হোৱা সাক্ষাৎকাৰত টেনিছ ফেডাৰেছনৰে সৈতে হোৱা বাৰ্তালাপ সন্দৰ্ভত অৱগত কৰে ৷ মন্ত্ৰী গৰাকীয়ে এই খেল অনুষ্ঠিত কৰিবলৈ নতুন সময় নিৰ্ধাৰণ কৰিব বুলি সাক্ষাৎকাৰটোত ব্যক্ত কৰে ৷
ইতিমধ্যে ফ্ৰান্সত শনিবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয়টো লক ডাউন ৷ ৰাষ্ট্ৰপতি ইম্মানুৱেল মেক্ৰ’নে প্ৰকাশ কৰা অনুসৰি, মে’ৰ মাজভাগলৈকে অব্যাহত থাকিব এই লক ডাউন ৷
উল্লেখ্য যে, মহামাৰীবিধৰ সংক্ৰমণৰ বাবে বিগত বৰ্ষত চাৰি মাহলৈকে স্থগিত ৰখা হৈছিল ফ্ৰেন্স অপেন ৷
লগতে চাওকঃ ভাৰতৰ প্ৰথম মহিলা ক্ৰিকেট ধাৰাভাষ্যকাৰ চন্দ্ৰা নাইডুৰ দেহাৱসান