ETV Bharat / sports

বিয়াংকাৰ দখলত প্ৰথম গ্ৰেণ্ডশ্লাম, পৰাস্ত ছেৰেনা উইলিয়ামছ

ছেৰেনা উইলিয়ামছক পৰাস্ত কৰি ইউএছ অ'পেন দখল কৰিছে বিয়াংকা এন্দ্ৰিছকোয়ে ৷ ছেৰেনাক 6-3, 7-5 ছেটত পৰাস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো গ্ৰেণ্ডশ্লাম দখল কৰে বিয়াংকাই ৷

বিয়াংকাৰ দখলত প্ৰথম গ্ৰেণ্ডশ্লাম, পৰাস্ত ছেৰেনা উইলিয়ামছ
author img

By

Published : Sep 8, 2019, 1:55 PM IST

স্পৰ্টছ ডেস্ক, 8 ছেপ্তেম্বৰ : ছেৰেনা উইলিয়ামছক পৰাস্ত কৰি ইউএছ অ'পেন দখল কৰিছে বিয়াংকা এন্দ্ৰিছকোয়ে ৷ ছেৰেনাক 6-3, 7-5 ছেটত পৰাস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো গ্ৰেণ্ডশ্লাম দখল কৰে বিয়াংকাই ৷

ইউএছ অ'পেন
বিয়াংকাৰ দখলত প্ৰথম গ্ৰেণ্ডশ্লাম, পৰাস্ত ছেৰেনা উইলিয়ামছ

এই জয়েৰে মাৰিয়া ছাৰাপ'ভাৰ পাছতে কনিষ্ঠতম গ্ৰেণ্ডশ্লাম চেম্পিয়ন হোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হ'ল বিয়াংকাই ৷ উল্লেখ্য যে, ইউএছ অ'পেন, 2016 ত মাৰিয়া ছাৰাপ'ভাই কনিষ্ঠতম টেনিছ তাৰকা হিচাপে গ্ৰেণ্ডশ্লাম দখল কৰিছিল ৷

ফাইনেলৰ আৰম্ভণিতে 19 বৰ্ষীয় এন্দ্ৰিছকোয়ে আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰি প্ৰথম ছেটতো 6-3 ব্যৱধানত দখল কৰিবলৈ সক্ষম হয় ৷ দ্বিতীয় ছেটত দুয়ো গৰাকী খেলুৱৈয়ে তীব্ৰ যুঁজত অৱতীৰ্ণ হয় যদিও বিয়াংকাই শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷

এই পৰাজয়ৰ জৰিয়তে ছেৰেনাই ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে ইউএছ অ'পেনৰ ফাইনেলত পৰাস্ত হয় ৷ 2018 চনৰ ইউএছ অ'পেন ফাইনেলত আমেৰিকাৰ তাৰকা খেলুৱৈ গৰাকীয়ে জাপানৰ নাওমি অ'ছাকাৰ হাতত পৰাস্ত হৈছিল ৷ এই মেচতে চেয়াৰ আম্পায়াৰ কাৰ্লোচ ৰামোছৰ সৈতে ছেৰেনাই বিবাদত লিপ্ত হৈছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.