ETV Bharat / sports

দুৰ্ভাগ্যজনক : 2020 বৰ্ষত টেনিছ কৰ্টত দেখা পোৱা নাযাব ৰ'জাৰ ফেডেৰৰক - ৰ'জাৰ ফেডেৰৰ

টেনিছ তাৰকা ৰ'জাৰ ফেডেৰৰ অনুৰাগীৰ বাবে বেয়া খবৰ । এই বৰ্ষত টেনিছ কৰ্টত দেখা নাপাব ছুইজাৰলেণ্ডৰ তাৰকা খেলুৱৈ ৰ'জাৰ ফেডেৰৰক । টুইটাৰ যোগে এই কথা সদৰি কৰিছে স্বয়ং খেলুৱৈগৰাকীয়ে ।

Federer Announces Right Knee Procedure, To Return In 2021

author img

By

Published : Jun 10, 2020, 7:04 PM IST

স্পৰ্টছ ডেস্ক, 10 জুনঃ কৰ'ণা ভাইৰাছৰ পাচত অনুষ্ঠিত হ'বলগীয়া টেনিছ প্ৰতিযোগিতাত চলিত বৰ্ষত দেখা নাপাব ছুইজাৰলেণ্ডৰ টেনিছ তাৰকা খেলুৱৈ ৰ'জাৰ ফেডেৰৰক । চলিত বৰ্ষৰ বাকী থকা শ্বেচনত টেনিছ কৰ্টৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে খেলুৱৈগৰাকীয়ে । বাওঁফালৰ আঁঠুৰ আঘাতৰ অস্ত্ৰোপ্ৰচাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে খেলুৱৈগৰাকীয়ে । বুধবাৰে টুইটাৰ যোগে এই কথা অৱগত কৰে খেলুৱৈগৰাকীয়ে ।

ৰ'জাৰ ফেডেৰৰ টুইট
ৰ'জাৰ ফেডেৰৰ টুইট

ফেডেৰৰে টুইট কৰি কয়, মোৰ প্ৰিয় অনুৰাগী সকল, মই আশা কৰিছো আপোনালোক সুৰক্ষিতে আছে । কিছু সপ্তাহ পূৰ্বে মই মোৰ পুনৰ্সংস্থাপনৰ আৰম্ভণিত কিছু অসুবিধাৰ সন্মুখীন হৈছিল । মোৰ বাওঁভৰিৰ আঁঠুৰ অস্ত্ৰোপ্ৰচাৰ কৰিবলগীয়া হ'ল

20 বাৰৰ গ্ৰেণ্ডশ্লাম বিজয়ী খেলুৱৈগৰাকীয়ে লগতে কয়, এতিয়া 2017 বৰ্ষৰ ছিজনৰ দৰে ঘটনাবোৰ সংঘটিত হৈ আছে । মই মোৰ সৰ্বশ্ৰেষ্ঠ স্তৰৰ প্ৰদৰ্শনৰ বাবে প্ৰয়োজনীয় সময় লৈ আছো । মই মোৰ অনুৰাগী সকলক বহুত মনত কৰিম । কিন্তু মই 2021 ছিজনৰ আৰম্ভণিতেই লগ পোৱাৰ বাবে সাজু থাকিম

বিশ্বৰ প্ৰাক্তন এক নম্বৰ টেনিছ খেলুৱৈগৰাকীয়ে এই বৰ্ষত অন্তিমবাৰৰ বাবে অষ্ট্ৰেলিয়া অ'পনেত অংশগ্ৰহণ কৰিছিল । ছেমিফাইনেলত ন'ৱাক জ'ক'ভিচৰ হাতত পৰাস্ত হৈছিল খেলুৱৈগৰাকী । উল্লেখ্য় যে, 1998 ত পদাৰ্পণ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে দীৰ্ঘসময়ৰ বাবে কৰ্টৰ পৰা দূৰত থাকিব খেলুৱৈগৰাকী ।

লগতে পঢ়কঃ শ্ৰমিকৰ কামৰ অৰ্থে কৌশল মানচিত্ৰ অংকণ কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.