ETV Bharat / sports

ছিনছিনাটি অ’পেনৰ পৰা বাহিৰ জ’ক’ভিজ - পৰাজয়ৰ সন্মুখীন হয় জ’কভিজ

ৰাছিয়াৰ টেনিছ তাৰকা ডেনিয়েল মেদভেদেভে ছিনছিনাটি অ’পেন টেনিছ ছেমিফাইনেলত বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ ছাৰ্বিয়াৰ ন’ভাক জক’ভিজক 3-6, 6-3, 6-3 ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ৷

ছিনছিনাটি অ’পেনৰ পৰা বাহিৰ জ’ক’ভিজ
author img

By

Published : Aug 18, 2019, 4:10 PM IST

স্পৰ্টছ ডেস্ক, 18 আগষ্টঃ ছিনছিনাটি অ’পেনৰ পৰা বাহিৰ হ'ল নভাক জক’ভিজ ৷ ৰাছিয়াৰ টেনিছ তাৰকা ডেনিয়েল মেদভেদেভৰ হাতত ছেমিফাইনেলত 3-6, 6-3, 6-3 ছেটৰ ব্য়ৱধানত পৰাজয়ৰ সন্মুখীন হয় জ’কভিজ ৷ উত্তেজনাপূৰ্ণ খেলখনত জক’ভিজৰ বিৰুদ্ধে মেদভেদেভে প্ৰথম ছেটটোত পৰাস্ত হৈছিল যদিও পৰৱৰ্তী দুয়োটা ছেট দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে 6-3, 6-3 ব্যৱধানত দখল কৰিবলৈ সক্ষম হয় ৷ ফাইনেলত বিশ্বৰ 9 নম্বৰ স্থানৰ খেলুৱৈ মেদভেদেভ মুখামুখি হ’ব বেলজিয়ামৰ 16 নম্বৰৰ স্থানত থকা ছনিৰ ডেভিদ গ’ফিনৰ বিৰুদ্ধে ৷ টুৰ্ণামেণ্টখনৰ চূড়ান্ত মেচখন অনুষ্ঠিত হ’ব দেওবাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.