স্পৰ্টছ ডেস্ক, 18 জুনঃ ছেৰেনা উইলিয়ামছৰ অনুৰাগীলৈ আহিছে সুঃখবৰ । ছয়বাৰৰ ইউ এছ অ'পেন চেম্পিয়ন খেলুৱৈগৰাকীয়ে দিছে গুৰুত্বপূৰ্ণ মন্তব্য় । 2020 ইউ এছ অ'পেনত অংশগ্ৰহণৰ কথা উল্লেখ কৰি "প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষা কৰিব নোৱাৰো" বুলি উল্লেখ কৰে ছেৰেনা উইলিয়ামছে । বুধবাৰে এই কথা উল্লেখ কৰিছে ছেৰেনাই । আমেৰিকা টেনিছ সংস্থাই জাৰি কৰা এক ভিডিঅ'ত এই কথা কোৱা দেখা পোৱা গৈছে খেলুৱৈগৰাকীক ।
-
The @usopen will be held in Queens, NY, without fans from August 31 to September 13.
— Andrew Cuomo (@NYGovCuomo) June 16, 2020 " class="align-text-top noRightClick twitterSection" data="
The USTA will take extraordinary precautions to protect players and staff, including robust testing, additional cleaning, extra locker room space, and dedicated housing & transportation.
">The @usopen will be held in Queens, NY, without fans from August 31 to September 13.
— Andrew Cuomo (@NYGovCuomo) June 16, 2020
The USTA will take extraordinary precautions to protect players and staff, including robust testing, additional cleaning, extra locker room space, and dedicated housing & transportation.The @usopen will be held in Queens, NY, without fans from August 31 to September 13.
— Andrew Cuomo (@NYGovCuomo) June 16, 2020
The USTA will take extraordinary precautions to protect players and staff, including robust testing, additional cleaning, extra locker room space, and dedicated housing & transportation.
উল্লেখ্য় যে, 38 বছৰীয়া খেলুৱৈগৰাকীয়ে মাৰ্গাৰেট ক'ৰ্টছৰ 24 সংখ্যক গ্ৰেণ্ডশ্লাম বিজয়ী অভিলেখৰ সমপৰ্যায়ত উপনীত হ'বলৈ কেৱল এখোঁজ দূৰত্বত ।
কৰ'ণা ভাইৰাছৰ ফলতেই ইতিমধ্যে উইম্বলডন বাতিল হোৱাৰ পাচত ফ্ৰেন্স অ'পেনক লৈও বিলম্ব হৈ থকাৰ সময়তে টেনিছ খেলুৱৈ আৰু অনুৰাগীৰ বাবে ইউএছ অ'পেনৰ আয়োজনৰ ঘোষণা সঁচাকৈ এটা সুঃখবৰ । শেহতীয়াকৈ ইউএছ অ'পেনৰ আয়োজনৰ কথা ঘোষণা কৰা হয় । অহা 31 আগষ্টৰ পৰা 13 ছেপ্তেম্বৰলৈ দৰ্শক বিহীন ভাৱে আয়োজন কৰা হ'ব এই প্ৰতিযোগিতা । মঙলবাৰে নিউয়ৰ্কৰ গৱৰ্ণৰ এণ্ড্ৰিও কুওমোয়ে সদৰি কৰিছিল এই কথা । লগতে খেলুৱৈৰ সুৰক্ষাৰ বাবে সকলো যাৱতীয় ব্য়ৱস্থা গ্ৰহণ কৰাৰো আশ্বাস প্ৰদান কৰিছিল ।