নিউজ ডেস্ক, 31 মাৰ্চ: অষ্ট্ৰেলিয়াৰ এছলি বাৰ্টিয়ে এইবছৰৰ ডব্লিউ টি এ মিয়ামি অ'পেনৰ মহিলা ছিংগলছৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ এই যুঁজত বাৰ্টিয়ে চেক গণৰাজ্যৰ কেৰ'লিনা প্লিছকোভাক 7-6(7-1), 6-3 ছেটত পৰাস্ত কৰে ৷
উল্লেখ্য যে, 22 বছৰীয়া অষ্ট্ৰেলিয়াৰ খেলুৱৈগৰাকীয়ে 5 বছৰ পূৰ্বে টেনিছৰ পৰা অব্যাহতি লৈ ক্ৰিকেটত জগতত প্ৰৱেশ কৰিছিল যদিও 2016 চনত ঘূৰি আহি টেনিছ জগতত নিজৰ সুনাম পুনৰ ঘূৰাই আনিবলৈ সক্ষম হৈছে ৷