স্পৰ্টছ ডেস্ক, 20 জানুৱাৰীঃ অষ্ট্ৰেলিয়ান অ’পেনৰ প্ৰথম ৰাউণ্ডতে অঘটন ৷ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হ’ল 7 বাৰৰ উইম্বলডন চেম্পিয়ন ভেনাছ ৷ সোমবাৰে অষ্ট্ৰেলিয়ান অ’পেনৰ অভিষেক মেচতেই এই অঘটন কৰে কোকো গৌফে ৷ ইয়াৰ পূৰ্বেও উইম্বলডনৰ মেচত ভেনাছ উইলিয়ামছক পৰাস্ত কৰাৰ অভিলেখ আছে কোকো গৌফৰ ৷
মাৰ্গাৰেট ক’ৰ্ট এৰেণাত অনুষ্ঠিত হোৱা মেচখনত 15 বছৰীয়া কোকোই 7-6 (5), 6-3 ব্যৱধানত ভেনাছক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷
মেচৰ অন্তত খেলুৱৈগৰাকীয়ে কয়, এই বাস্তৱত কঠিন আছিল, তেওঁ যথেষ্ট ভাল খেলি আছিল ৷ মই এই মেচখনক লৈ যথেষ্ট চিন্তিত আছিলো ৷ এতিয়া পৰৱৰ্তী মেচত ৰোমানিয়াৰ চৌৰাণা ক্ৰিষ্টাৰ বিৰুদ্ধে মুখামুখি হ’ব কোকো গৌফ ৷