ETV Bharat / sports

টকিঅ'ত ভাৰতীয় শিবিৰত ক'ভিড সম্পৰ্কীয় উত্তেজনা - নৰিন্দৰ বাত্ৰা

ডেপুটি চীফ ডি মিছন (The deputy chief de mission) প্ৰেম বাৰ্মাই স্পষ্ট কৰি দি কয় যে কোনো খেলুৱৈ বা সদস্যৰ দেহত লক্ষণ নাই আৰু কোনো ইতিবাচক ঘটনাও নাই ।

alarm in Indian camp
টকিঅ'ত ভাৰতীয় শিবিৰত ক'ভিড সম্পৰ্কীয় উত্তেজনা
author img

By

Published : Jul 22, 2021, 1:31 PM IST

স্পৰ্টছ ডেস্ক, ২২ জুলাই : কৰ'ণাৰ (Corona) সংক্ৰমণ চলি থকাৰ মাজতে শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব টকিঅ' অলিম্পিক (Tokyo Olympic) । কিন্তু কৰ'ণা সংক্ৰমণকলৈ শংকিত হৈ আছে আয়োজক সকল । কিয়নো শেহতীয়াকৈ টকিঅ'ৰ অলিম্পিক শিবিৰত ধৰা পৰিছে ভাইৰাছৰ অৱস্থিতি । ইয়াৰ মাজতে ভাৰতীয় শিবিৰত ক'ভিডকলৈ এক উত্তেজনাই বিৰাজ কৰিছিল ।

কিয়নো স্বাস্থ্য সম্পৰ্কীয় ভুল তথ্য আপলোড হোৱাৰ লগে লগে ক'ভিড এলাৰ্ম বাজি উঠিছিল এটা বিশেষ এপত । অৱশ্যে পিছত নিশ্চিত হয় যে স্বাস্থ্য সম্পৰ্কীয় এপত ভুলকৈ তথ্য আপলোড কৰা হৈছিল । ডেপুটি চীফ ডি মিছন (The deputy chief de mission) প্ৰেম বাৰ্মাই স্পষ্ট কৰি দি কয় যে কোনো খেলুৱৈ বা সদস্যৰ দেহত লক্ষণ নাই আৰু কোনো ইতিবাচক ঘটনাও নাই ।

আইঅ'এৰ (IOA) সভাপতি নৰিন্দৰ বাত্ৰাই হেল্থ ৰিপ'ৰ্ট এপ (OCHA)ত তিনিগৰাকী ভাৰতীয় বিষয়াৰ দেহত লক্ষণ থকা দেখুওৱাৰ পিছতে বাৰ্মাৰ পৰা এক স্পষ্ট তথ্য বিচাৰিছিল । অৱশ্যে আনটো এপত এনে কোনো বিৱৰণ দেখা পোৱা নাছিল । বাৰ্মাই ইয়াৰ উত্তৰত কয় যে কোনো লোকৰ দেহতে লক্ষণ নাই কিন্তু তেওঁলোকে প্ৰথমবাৰৰ বাবে এপটো ব্যৱহাৰ কৰিছে সেয়ে ব্যৱহাৰকাৰীসকলে অসাৱধানতাৰ বাবে ভুলকৈ তথ্য আপলোড কৰিছে । বাৰ্মাই লগতে কয় যে যদি কোনোৱে ভুলকৈ তথ্য দিয়ে তেতিয়া এপটোৱে এলাৰ্ম বজাই আৰু চিএঅ'লৈ এক মেইল প্ৰেৰণ কৰে ।

অলিম্পিকত বৰ্তমানলৈ মুঠ ৫৮ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ৰ অৱস্থিতি । যোৱা দেওবাৰে মুঠ ১০ গৰাকীৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছ ৷ ইয়াৰে পাঁচজন আয়োজক সমিতিৰ সদস্য, এজন ঠিকাদাৰ আৰু এজন সাংবাদিক ।

প্ৰথমে আক্ৰান্ত হোৱা দুয়োজন খেলুৱৈ দক্ষিণ আফ্ৰিকাৰ ফুটবল দলৰ আছিল । ক’ভিড সংক্ৰমিত তৃতীয়গৰাকী এথলীট বৰ্তমান এখন হোটেলত আছে ৷ ইফালে টকিঅ'ত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ দেহত ধৰা পৰিছে ভাইৰাছৰ অৱস্থিতি ।

লগতে পঢ়ক :চহৰ-ভূৱনেশ্বৰৰ দুৰ্দান্ত বেটিঙেৰে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ ভাৰতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.