স্পৰ্টছ ডেস্ক, 22 ছেপ্তেম্বৰ : বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক দখল কৰিছে ভাৰতীয় মল্লযুঁজাৰু ৰাহুল আৱাৰেই ৷ ব্ৰঞ্জ পদকৰ যুঁজত ৰাহুলে 61 কে. জি. শাখাত আমেৰিকাৰ টেইলৰ লি গ্ৰাফক 11-4 ব্যৱধানত পৰাস্ত কৰে ৷ এই জয়ৰ পাছতো ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে ট'কিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহ'ল ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে দীপক পুনিয়াই আঘাতৰ বাবে ফাইনেলত অংশগ্ৰহণৰ পৰা বিৰত থাকে আৰু ব্ৰঞ্জ পদকতে সন্তুষ্ট থাকিবলগা হয় ৷