ETV Bharat / sports

অঞ্জু ববী জৰ্জলৈ বিশ্ব এথলেটিকছৰ Woman of the Year বঁটা - লিংগ বৈষম্য দূৰ কৰাৰ প্ৰয়াস অঞ্জু ববী জৰ্জৰ

বিশ্ব এথলেটিকছে Woman of the Year বঁটাৰে সন্মানিত কৰিলে প্ৰাক্তন লং জাম্প খেলুৱৈ অঞ্জু ববী জৰ্জক । মহিলা খেলুৱৈ অনুপ্ৰেৰণা যোগাই অহা আৰু ক্ৰীড়া জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশ্ব এথলেটিক্সে স্প্ৰিণ্টাৰ অঞ্জু ববী জৰ্জক এই বঁটা প্ৰদান কৰে(World Athletics awarded Anju Bobby George) ।

World Athletics awards Anju Bobby George as Woman of the Year
অঞ্জু ববী জৰ্জলৈ বিশ্ব এথলেটিকছৰ Woman of the Year বঁটা
author img

By

Published : Dec 2, 2021, 10:09 AM IST

স্প’ৰ্টছ ডেস্ক, ২ ডিচেম্বৰ : আন্তঃৰাষ্ট্ৰীয় প্ৰাক্তন লং জাম্প খেলুৱৈ অঞ্জু ববী জৰ্জলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ ৱমেন অৱ দ্যা ইয়েৰ বঁটা(Woman of the Year award 2021) । বুধবাৰে ভাৰ্চুৱেল মাধ্যমেৰে আয়েজিত এক অনুষ্ঠানত খেলুৱৈগৰাকীক এই বঁটা প্ৰদান কৰা হয় । অঞ্জু ববী জৰ্জ এতিয়াও এই খেলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে । ২০১৬ চনত তেওঁ মহিলাসকলৰ বাবে লং জাম্পৰ প্ৰশিক্ষণ একাডেমী প্ৰতিষ্ঠা কৰে ।

এই একাডেমীৰ খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় খেলত ২০ বছৰৰ অনুৰ্ধৰ শাখাত পদক লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ জ্যেষ্ঠ উপ-সভাপতিৰ দায়িত্বত থাকি অঞ্জু ববী জৰ্জে লিংগ বৈষম্য দূৰ কৰাৰ বাবে মাত মাতি আহিছে । স্কুলীয়া ছাত্ৰীসকলক ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় । নিজে আগবাঢ়ি যোৱাৰ লগতে আন মহিলা সকলক এই দিশত আগুৱাই নিয়াৰ বাবে তেওঁ প্ৰয়াস কৰি আহিছে ।

সেয়েহে, তেওঁক ৱমেন অৱ দ্যা ইয়েৰ বঁটাৰে সন্মানিত কৰা হয়(Woman of the Year to Anju Bobby) । অলিম্পিক চেম্পিয়ন জামাইকাৰ এলেইন থম্পছন হেৰাহ আৰু নৰৱেৰ কাৰ্ষ্টেন ৱাৰহোলমৰ নামো বিশ্ব এথলেটিকছৰ বঁটাৰ বাবে মনোনীত হৈছিল ।

থম্পছন হেৰাহে চলিত বৰ্ষৰ টকিঅ' অলিম্পিকত ১০০ মিটাৰ আৰু ২০০ মিটাৰৰ দৌৰত চমক দেখুৱাবলৈ সক্ষম হৈছিল আৰু 4x100 মিটাৰ ৰিলেত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । থম্পছন হেৰাহে কয় যে, বিশ্ব অভিলেখ ভংগ কৰাৰ বাবে তেওঁ প্ৰয়াস কৰিছিল আৰু লক্ষ্যৰ পৰা তেওঁ মাথোঁ কিছু দূৰত আছিল । চেষ্টা কৰিলে সকলো সম্ভৱ বুলিও তেওঁ মন্তব্য কৰে । অৰেগনত অনুষ্ঠিত হ'বলগীয়া বিশ্ব চেম্পিয়নশ্বিপ তেওঁৰ পৰৱৰ্তী লক্ষ্য বুলিও মন্তব্য কৰে ।

আনহাতে বিশ্ব চেম্পিয়নশ্বিপ এইবাৰ অৰেগনত অনুষ্ঠিত হোৱা বাবে তেওঁৰ বন্ধুবৰ্গ আৰু পৰিয়ালে খেল উপভোগ কৰাত সুবিধা হ'ব বুলি তেওঁ মন্তব্য কৰে । কিয়নো, তেওঁ ঘৰৰ পৰা অৰেগনলৈ দূৰত্ব যথেষ্ট কম । বন্ধুবৰ্গ আৰু পৰিয়ালৰ লোকে খেল উপভোগ কৰি উৎসাহিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Lionel Messi won Ballon d'Or 2021: সপ্তম বাৰৰ বাবে লিঅ'নেল মেছিয়ে লাভ কৰিলে বেলন ডি'অৰ বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.