ETV Bharat / sports

World Athletics Championships: বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস ৰচনা নীৰজ চোপ্ৰাৰ

author img

By

Published : Jul 24, 2022, 8:52 AM IST

Updated : Jul 24, 2022, 1:15 PM IST

অলিম্পিকত সোণৰ পদক অৰ্জন কৰা নীৰজ চোপ্ৰাৰ আন এক সাফল্য (Olympic champion Neeraj Chopra) ৷ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত জেভলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা নীৰজ চোপ্ৰাৰ । প্ৰতিযোগিতাখনত স্বৰ্ণ পদক অৰ্জন কৰে এণ্ডাৰছন পিটাৰ্ছে ৷

World Athletics Championships
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস ৰচনা নীৰজ চোপ্ৰাৰ

স্পৰ্টছ ডেস্ক, 24 জুলাই : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউজীনত চলি থকা অষ্টাদশ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত(World Athletics Championships) জেভলিন থ্ৰ’ৰ ফাইনেলত নীৰজ চোপ্ৰাই ৰূপৰ পদক অৰ্জন কৰিছে(Tokyo Olympic Champion Neeraj Chopra wins SILVER for India) । নীৰজে জেভেলিন থ্ৰ’ৰ ফাইনেলত 88.13 মিটাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় পুৰুষ খেলুৱৈ হিচাবে ইতিহাস ৰচনা কৰে । আনহাতে, এণ্ডাৰছন পিটাৰ্ছে 90.46 মিটাৰ থ্ৰ’ৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।

প্ৰতিযোগিতাখনত নীৰজ চোপ্ৰাৰ প্ৰথমটো থ্ৰ’ ফাউল আছিল । দ্বিতীয় থ্ৰ’টো নীৰজে 82.39 মিটাৰলৈ দলিয়াইছিল, আনহাতে নীৰজে তৃতীয় থ্ৰ’ 86.37 মিটাৰ আৰু চতুৰ্থটো থ্ৰ’ 88.13 মিটাৰ দলিয়াইছিল । প্ৰতিযোগিতাত তেওঁ ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল 88.13 মিটাৰ ।

উল্লেখ্য যে, নীৰজ বিশ্ব চেম্পিয়নশ্বিপত পদক অৰ্জন কৰা দ্বিতীয় ভাৰতীয় আৰু প্ৰথম পুৰুষ ট্ৰেক এণ্ড ফিল্ড এথলীট ৷ ইয়াৰ পূৰ্বে 2003 চনত পেৰিছত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত কিংবদন্তী লং জাম্পাৰ অঞ্জু ববি জৰ্জে ভাৰতৰ হৈ প্ৰথমবাৰলৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল ।

লগতে পঢ়ক : Success in international sports: ট্ৰাইকানডোৰ জৰিয়তেই বিশ্ব জিনাৰ সপোন দেখা ৰাজনন্দিনী

Last Updated : Jul 24, 2022, 1:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.