ETV Bharat / sports

2020 টকিঅ’ অলিম্পিকৰ পৰা বাহিৰ দুতী চান্দ

মহিলাৰ 100 মিটাৰ ৰেচৰ ট্ৰেকত বিফল দুতী চান্দ ৷ দোহাত অনুষ্ঠিত হৈ থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পৰা বাহিৰ ভাৰতীয় স্প্ৰিন্টাৰ ৷

author img

By

Published : Sep 28, 2019, 10:13 PM IST

2020 টকিঅ’ অলিম্পিকৰ পৰা বাহিৰ দুতী চান্দ

স্পৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰঃ ভাৰতীয় ক্ৰীড়াপ্ৰেমীলৈ দুখবৰ ৷ দোহাত অনুষ্ঠিত হৈ থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ মহিলাৰ 100 মিটাৰ শাখাৰ পৰা বাহিৰ হ’ল ভাৰতীয় দৌৰবিদ দুতী চান্দ ৷ শনিবাৰে 100 মিটাৰ শাখাৰ ৰেচত সপ্তম স্থান দখলেৰে ছেমিফাইনেলত স্থান লাভ কৰাৰ পৰা বঞ্চিত হয় খেলুৱৈগৰাকী ৷ আনহাতে বিশ্বৰ বিভিন্ন দেশৰ খেলুৱৈ সকলৰ তালিকাৰ 37 সংখ্যক স্থান দখল কৰি টকিঅ’ অলিম্পিকত প্ৰৱেশ কৰিবলৈও ব্যৰ্থ হয় ভাৰতীয় স্প্ৰীন্টাৰগৰাকী ৷ কাৰণ টকিঅ’ অলিম্পিকত প্ৰৱেশ কৰাৰ বাবে নিৰ্ধাৰিত সময়সীমা আছিল 11.15 ছেকেণ্ড ৷ য’ত দুতী চান্দে সময় লয় 11.48 ছেকেণ্ড ৷

উল্লেখ্য যে,100 মিটাৰ শাখাত দুতী চান্দৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে 11.26 ছেকেণ্ড ৷ 2019 বৰ্ষৰ 22 এপ্ৰিলত এই সফলতা অৰ্জন কৰিছিল ওড়িশাৰ খেলুৱৈগৰাকীয়ে ৷ কিন্তু এইবাৰ নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দিয়াত ব্যৰ্থ হৈছে দুতী চান্দে ৷ 100 মিটাৰ শাখাত ৰিঅ’ অলিম্পিক বিজয়ী জামাইকাৰ ইলেন থমাছে 11.14 ছেকেণ্ডেৰে প্ৰথম স্থান দখল কৰি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ৷ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ প্ৰত্যকটো হিটৰ শীৰ্ষ তিনি খেলুৱৈৰ লগতে প্ৰত্যেকটো হিটৰ চতুৰ্থ শ্ৰেষ্ঠ খেলুৱৈগৰাকীয়ে ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷

IMPORTANT NEWS- ETV SPORTS- IMAGE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.