স্পৰ্টছ ডেস্ক, 19 জানুৱাৰীঃ ভাৰতবৰ্ষই খেলত হ্ৰস্ব আৰু দীৰ্ঘম্যাদী কৌশল গ্ৰহণ কৰি ২০২৪ চনৰ অলিম্পিকত দেশখনে ৫০ টা পদক অৰ্জন কৰিব লাগে বুলি ২০১৬ চনত নীতি আয়োগে এক অভিলাসী প্ৰস্তাৱ গ্ৰহণ কৰাত জনসাধাৰণ হতচকিত হৈ পৰিছিল । ওপৰত উল্লেখিত নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে দায়িত্ব গ্ৰহণ কৰা ভাৰতীয় অলিম্পিক এছ’চিয়েচনে বৰ্তমান তাতকৈ অধিক ওপৰত লক্ষ্য নিৰ্ধাৰণ কৰিছে । কিন্তু নতুন দশকত দেশৰ নতুন ক্ৰীড়াক্ষেত্ৰৰ বাবে এই লক্ষ্য বাস্তৱৰ পৰা বহু নিলগত যেন অনুভৱ হয় । ছয় মাহ পূৰ্বে ভাৰতীয় অলিম্পিক এছ’চিয়েচনৰ সভাপতি নৰিন্দৰ বাত্ৰাই জনোৱা অনুসৰি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ ২০২১ চনৰ অধিৱেশন, ২০২৬ চনৰ য়ুথ অলিম্পিক গেমছ আৰু ২০৩০ চনৰ এছিয়ান গেমছ ভাৰতত অনুষ্ঠিত কৰাৰ বাবে ভাৰতে নিবিদাত অংশ লোৱাৰ প্ৰক্ৰিয়াত আছে । এই তালিকা আৰু দীঘলীয়া হ’ব বুলিও তেওঁ প্ৰকাশ কৰে ।
ভাৰতীয় অলিম্পিক এছ’চিয়েচনে ২০২৬ বা ২০৩০ ৰ কমনৱেলথ গেমছ আৰু ২০৩২ৰ অলিম্পিক আয়োজন কৰাৰ বাবে পৰিকল্পনা কৰি আছে । অলিম্পিক এছ’চিয়েচনৰ মতে যদিহে কমনৱেলথ গেমছ সফলতাৰে ভাৰতত অনুষ্ঠিত কৰিবলৈ দিয়া হয়, তেন্তে ভাৰতত অলিম্পিক আয়োজনৰ সুযোগ সহজে আদায় কৰিব পৰা যাব । জাপানত এই বৰ্ষত অলিম্পিক আৰু পেৰা অলিম্পিক আয়োজনৰ আনূমানিক ব্যয় প্ৰায় ১,৮৫,০০০ কোটি টকা । এই কথাৰ পৰাই ধৰিব পাৰি ২০৩২ চনত অলিম্পিক আয়োজন কৰালৈকে এই খৰচ কিমানলৈকে বৃদ্ধি হ’ব পাৰে । অষ্ট্ৰেলিয়া, ইণ্ডোনেছিয়া, উত্তৰ আৰু দক্ষিণ কোৰিয়া আৰু জাপানে ২০৩২ চনৰ অলিম্পিক নিজৰ দেশত অনুষ্ঠিত কৰিবলৈ চেষ্টা চলোৱা বুলি ওলোৱা বাতৰিৰ মাজতে এটা কথা মন দিব লাগিব যে ভাৰতে অনাগত দিনত ছখন ক্ৰীড়ানুষ্ঠান আয়োজন কৰিবলৈ আগ্ৰহ দেখুৱাইছে । এই ছখনৰ বহুতৰে চূড়ান্ত সিদ্ধান্ত লাভ কৰা হোৱা নাই । ফলাফলৰ কথা নভবাকৈ ভাৰতীয় অলিম্পিক এছ’চিয়েচনে খেল আয়োজন কৰিবলৈ হাবাথুৰি খাই ফুৰাটো আচৰিত বিষয় ।
ছিউল, বাৰ্ছিলোনা আৰু লণ্ডন আদিত বিখ্যাত খেলৰ অনুষ্ঠানসমূহ আয়োজন আৰু পৰিচালনা কৰাৰ সুবিধাই সংশ্লিষ্ট দেশসমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জনত সহায় কৰিছে । অলিম্পিক পৰিচালনাৰ বাবে প্ৰকৃতাৰ্থত সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অনস্বীকাৰ্য ।
১৯৭৬ চনত সফলতাৰে প্ৰখ্যাত মন্ট্ৰিয়েল স্পৰ্টছ কানাডাত ঘাটি বাজেটেকে অনুষ্ঠিত কৰাৰ বাবে দেশখনে চাৰিটা দশক ধৰি সমস্যা ভুগিবলগীয়া হয় । অতি ব্যয়বহুলভাৱে ২০১৪ চনত এথেন্সত আয়োজিত অলিম্পিকৰ পাছত গ্ৰীচত এতিয়াও আৰ্থিক দুৰৱস্থা চলি আছে । ফিফা বিশ্ব কাপৰ বাবে দক্ষিণ আফ্ৰিকা আৰু ব্ৰাজিলত বিশেষভাৱে নিৰ্মাণ কৰা ষ্টেডিয়ামসমূহ খেল শেষ হোৱাৰ পাছৰে পৰা পৰিত্যক্তভাৱে আছে ।
আনকি ভাৰতবৰ্ষতে দহ বছৰ পূৰ্বে কমনৱেলথ গেমছ অনুষ্ঠিত কৰাৰ বাবে বহু ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল । তাৰে প্ৰায় অধিকাংশই তেতিয়াৰে পৰা অব্যৱহৃত হৈ পৰি আছে । সেই সময়ত কমনৱেলথ গেমছৰ মুকলি আৰু সামৰণী অনুষ্ঠানৰ বাবে ৯৬০ কোটি টকা ব্যয়েৰে জৱাহৰলাল নেহৰু ষ্টেডিয়াম পুনৰ নিৰ্মাণ কৰা হৈছিল । তেতিয়াৰে পৰা ষ্টেডিয়ামটো অব্যৱহৃতভাৱে পৰি থকা কথাটোৱে ৯৬০ কোটি টকা অথলে যোৱাটোকে সূচায় ।
সেই সময়ত আন আন্তঃগাঁথনিৰ বাবেও শ শ কোটি টকা ব্যয় কৰা হৈছিল । কিন্তু এইসমূহ তেতিয়াৰে পৰা অৱহেলিত হৈ থকাৰ লগতে চোৱাচিতাৰ বাবে হোৱা খৰচেই বগাহাতীস্বৰূপ হৈ পৰিছে । আন দেশতো তেনে উদাহৰণ আছে । ২০১০ চনত কমনৱেলথ গেমছৰ প্ৰস্তুতিৰ সময়ত দুৰ্নীতিৰ অভিযোগে দেশত খলকনি সৃষ্টি কৰিছিল । এনে অপ্ৰিয় ঘটনাৰ পুনৰাবৃত্তি যাতে নঘটে তাৰ বাবে ভাৰতীয় অলিম্পিক এছ’চিয়েচন আৰ কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া জ্ঞাত নহয় । পূৰ্বৰ ভুল সত্বেও উল্লেখিত সকলোবোৰ ইভেণ্ট অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় অলিম্পিক এছ’চিয়েচনে আগ্ৰহ দেখুৱাইছে ।
চাৰি বছৰ পূৰ্বে অনুষ্ঠিত ৰিঅ’ অলিম্পিকত বিশাল ভাৰত উপ-মহাদেশে মাত্ৰ চাৰিটা পদক লাভ কৰিছিল । ইয়াৰ অৰ্থ ৬৫ কোটি জনসংখ্যাৰ বাবে এটা পদক । ছাউথ এতিয়া গেমছত শ্বুটিং, বক্সিং, জুডো, টাইকোৱাণ্ডো আদিত অধিক পদক লাভ কৰা ভাৰতে বিশ্ব এথলেটিকছ চেম্পিয়ন আৰু অলিম্পিক বেণ্ডৱাগনত সামান্য সফলতাহে দেখুৱাবলৈ সক্ষম হয় । ভাৰতে আন্তঃৰাষ্ট্ৰীয় এথলেটিক প্ৰতিযোগিতাৰ কিছুসংখ্যক ইভেণ্টতহে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হোৱা সত্বেও তেতিয়াৰ কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অজয় মেকানে ২০১২ চনতে ভৱিষ্যতবাণী কৰিছিল যে ভাৰতে ২০২০ চনৰ অলিম্পিকত পঁচিশটা পদক লাভ কৰিবলৈ সক্ষম হ’ব ।
একেধৰণে বৰ্তমানৰ ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱেও কৈছে যে ২০২৪ আৰু ২০২৮ ৰ অলিম্পিকৰ সোণৰ পদক লাভ কৰা শীৰ্ষ দহখন দেশৰ ভিতৰত থাকিব ভাৰতবৰ্ষ । এই সপোন বাস্তৱায়িত কৰিবলৈ হ’লে চৰকাৰৰ গুৰুত্ব ক্ৰীড়ানুষ্ঠান আয়োজনত নহয়, খেলুৱৈসকলক সঠিকবাৱে প্ৰশিক্ষণ প্ৰদানতহে হ’ব লাগে । বিশেষজ্ঞসকলে কৈ আহিছে যে ভাৰতে সুদক্ষে খেলুৱৈ প্ৰস্তুত কৰিব নোৱৰাৰ মূল কাৰণ স্কুলীয়া পৰ্যায়তে আছে । আঠ মিলিয়নতকৈ অধিক অনুশীলন কেন্দ্ৰ আৰু বিশেষ ক্ৰীড়া সুবিধাৰ ব্যৱস্থা কৰা চীনে এতিয়া চাৰি বছৰৰ তলৰ শিশুসকলৰ ক্ৰীড়া প্ৰতিভা চিনাক্তা আৰু বিকাশৰ বাবে কাম কৰি আছে । আমেৰিকাৰ নেচনেল কলেজিয়েট এথলেটিকছ এছ’চিয়েন পদক উদ্যোগলৈ পৰ্যবসিত হৈছে । কিয়নো এই সংস্থাটোৱে কলেজীয়া পৰ্যায়তে ক্ৰীড়া প্ৰতিভা বিকাশত গুৰুত্ব দিয়ে ।
কিন্তু ইয়াৰ বিপৰীতে সমগ্ৰ ভাৰতবৰ্ষতে বিদ্যালয়সমূহত শাৰীৰিক প্ৰশিক্ষক বা শিক্ষকৰ অসংখ্য খালী পদ পৰি আছে । ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীক উপযুক্ত খেলপথাৰ, খেলাৰ বাবে সময় আৰু সামগ্ৰী প্ৰদান নকৰি শিক্ষাৰ অধিকাৰ আইন উলংঘা কৰি আহিছে । ক্ৰীড়া ক্ষেত্ৰত সুদীৰ্ঘ ঐতিহ্য থকাৰ পাছতো অভাৱ নোহোৱা প্ৰতিভা আৰু সম্পদসমূহ সঠিকভাৱে ব্যৱহাৰ নকৰিলে দেশখনে কোনো খেলৰ অনুষ্ঠানৰ আনন্দ উদযাপন কৰিব নোৱাৰে ।