ETV Bharat / sports

Wimbledon 2023: উইম্বলডন ২০২৩ গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ - উইম্বলডন ২০২৩ গ্ৰেণ্ড শ্লেম

উইম্বলডন ২০২৩ গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ ৷ আলকাৰাজ স্পেইনৰ পৰা উইম্বলডন জয় কৰা তৃতীয়জন খেলুৱৈ । ১৯৬৬ চনত চান্টানা আৰু ২০০৮ আৰু ২০১০ চনত ৰাফেল নাডালে উইম্বলডনৰ খিতাপ দখল কৰিছিল ।

Wimbledon 2023
উইম্বলডন ২০২৩ গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ
author img

By

Published : Jul 17, 2023, 8:12 AM IST

নিউজ ডেস্ক, ১৭ জুলাই: উইম্বলডনত ইতিহাস ৰচনা স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ । উইম্বলডন ২০২৩ ৰ ফাইনেলত পুৰুষ একক খেলত ২৩ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ছাৰ্বিয়ান টেনিছ খেলুৱৈ ন’ভাক জ’কভিচক পৰাস্ত কৰি বিশ্বৰ এক নম্বৰ স্পেনিছ টেনিছ খেলুৱৈ কাৰ্লোছ আলকাৰাজে এই খিতাপ অৰ্জন কৰে । বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানত আছে জ’কভিচ । স্পেইনৰ পৰা উইম্বলডন জয় কৰা তৃতীয়জন খেলুৱৈ কাৰ্লোছ আলকাৰাজ ।

দেওবাৰে অনুষ্ঠিত উইম্বলডনৰ ফাইনেল খেলখনৰ জড়িয়তে প্ৰচণ্ড প্ৰত্যাৱৰ্তন কৰে আলকাৰাজে । প্ৰথম ছেটত পৰাস্ত হোৱাৰ পাছত আলকাৰাজে একেৰাহে দুটা ছেটত জ’কভিচক পৰাস্ত কৰে । প্ৰথম ছেটত ৬-১ গ’লত জয়লাভ কৰে ন’ভাক জ’কভিচে । দ্বিতীয় ছেটত আলকাৰাজে আকৰ্ষণীয় প্ৰদৰ্শনেৰে প্ৰত্যাৱৰ্তন কৰে । এই ছেটটো এটা সময়ত ৬-৬ত উপনীত হোৱাত টাই ব্ৰেকাৰ খেলা হয় ৷

ট্ৰাই বেকাৰত আলকাৰাজে ৮-৬ আৰু ৭-৬ পইন্টত ছেটটো জয় কৰে । তৃতীয় ছেটতো ২০ বছৰীয়া স্পেনিছ খেলুৱৈগৰাকীয়ে এক আশ্চৰ্যজনক খেল প্ৰদৰ্শন কৰি অভিজ্ঞ জ’কভিচক ৬-১ পইন্টত পৰাস্ত কৰে । ইয়াৰ পূৰ্বে ১৯৬৬ চনত চান্টানা আৰু ২০০৮ আৰু ২০১০ চনত ৰাফেল নাডালে উইম্বলডনৰ খিতাপ দখল কৰিছিল । ১২ বছৰৰ পাছত স্পেইনৰ এগৰাকী খেলুৱৈয়ে পুনৰ এই গ্ৰেণ্ড শ্লেমত জয়লাভ কৰিছে ।

Wimbledon 2023
স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ

উল্লেখ্য যে, এয়া আলকাৰাজৰ দ্বিতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ । ইয়াৰ পূৰ্বে ২০২২ চনত তেওঁ ইউ এছ অ’পেন খিতাপ দখল কৰিছিল । তদুপৰি আলকাৰাজৰ এই জয়ৰ লগতে ২০১৭ চনৰ পিছত উইম্বলডনে নতুন চেম্পিয়ন লাভ কৰিছে । ২৩ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ছাৰ্বিয়ান টেনিছ খেলুৱৈ ন’ভাক জ’কভিচে ২০১৮, ২০১৯, ২০২১ আৰু ২০২২ চনত একেধাৰে এই খিতাপ দখল কৰি আছিল । ক’ৰোনাৰ বাবে ২০২০ চনত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল । ইফালে শনিবাৰে চেক গণৰাজ্যৰ ২৪ বছৰীয়া মাৰ্কেটা ভণ্ড্ৰ’ছ’ভাই টিউনিছিয়াৰ অন্স জেবিউৰক ৬-৪, ৬-৪ গ’লত পৰাস্ত কৰি উইম্বলডন মহিলা একক শাখাত খিতাপ দখল কৰে ।

লগতে পঢ়ক: IND vs WI test 2023 : প্ৰথমখন টেষ্টত ভাৰতৰ হাতত ধৰাশায়ী ৱেষ্ট ইণ্ডিজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.