ETV Bharat / sports

India vs West Indies 2nd ODI : হতাশজনক প্ৰদৰ্শনেৰে দ্বিতীয় এদিনীয়াত 6 উইকেটত পৰাস্ত ভাৰত

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ শৃংখলাৰ দ্বিতীয়খন মেচত নিৰাশাজনক প্ৰদৰ্শনেৰে 6 উইকেটত পৰাস্ত হ’ল ভাৰত ৷ প্ৰথমে বেটিং কৰি 40.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 181 ৰাণহে কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে ৷

author img

By

Published : Jul 30, 2023, 9:44 AM IST

West Indies defeated India by six wickets
দ্বিতীয় এদিনীয়াত 6 উইকেটত পৰাস্ত ভাৰত

স্পৰ্টছ ডেস্ক, 30 জুলাই : শনিবাৰে কেনিংছটন অভালত অনুষ্ঠিত হোৱা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয়খন মেচত নিৰাশাজনক প্ৰদৰ্শনেৰে 6 উইকেটত পৰাস্ত হ’ল ভাৰত ৷ বতৰে বিধি-পথালি দিয়া মেচখনত বেটিং-বলিং উভয়তে হতাশাজনক প্ৰদৰ্শন দাঙি ধৰে ভৰতীয় দলটোৱে ৷

টছত জিকি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লোৱা ৱেষ্ট ইণ্ডিজৰ বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি 40.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 181 ৰাণহে কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে ৷ ভাৰতৰ হৈ ইশান কিষণে সাৰ্বাধিক 55 ৰাণৰ বৰঙণি আগবঢ়াই ৷ 55টা বলত 55 ৰাণ কৰি ৰোমাৰিঅ’ শ্বেফাৰ্ডৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে ইশান কিষণে ৷

আনহাতে শুভমন গীল আৰু সূৰ্যকুমাৰ যাদৱে ক্ৰমে 34 আৰু 24 ৰাণৰ বৰঙণি আগবঢ়াই ৷ শুভমন গীলে 49 টা বলত 34 ৰাণ আৰু সূৰ্যকুমাৰ যাদৱে 25 টা বলত 24 ৰাণ কৰিবলৈ সক্ষম হয় ৷ ইফালে অধিনায়ক হাৰ্ডিক পাণ্ডিয়াকে ধৰি দলৰ আন বেটছমেন সকল চূড়ান্তভাৱে ব্যৰ্থ হয় ৷ ৰবীন্দ্ৰ জাডেজা (10) আৰু শ্বাৰ্দুল ঠাকুৰ (16)ৰ বাহিৰে বাকী সকল খেলুৱৈয়ে দহকৰ ঘৰো স্পৰ্শ কৰিবলৈ কৰিবলৈ সক্ষম ন’হল ৷ ৱেষ্ট ইণ্ডিজৰ হৈ ম’টি আৰু ৰোমাৰিঅ’ শ্বেফাৰ্ডে 3টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

ইফালে নিজৰ ইনিংছ আৰম্ভ কৰি ৱেষ্ট ইণ্ডিজে অধিনায়ক শ্বাহী হ’পৰ 63 ৰাণৰ সহায়ত 36.4 অভাৰতে বিজয় লক্ষ্যত উপনীত হয় ৷ শ্বাহী হ’পে 80 টা বলত 63 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ আনহাতে কেইল মায়েৰছ আৰু কেছি কাৰ্টিয়ে ক্ৰমে 36 আৰু 48 ৰাণৰ বৰঙণি আগবঢ়াই ৷ ভাৰতৰ হৈ শ্বাৰ্দুল ঠাকুৰে সাৰ্বাধিক 3 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

তিনিখনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত জয়লাভ কৰি ৱেষ্ট ইণ্ডিজ দলটোৱে 1-1ৰ ব্যৱধানত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে ৷ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে 5 উইকেটত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷

উল্লেখ্য যে, সমাগত এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলটোৰ এই দুৰ্বল প্ৰদৰ্শনে অনুৰাগীক হতাশ কৰি তুলিছে ৷

লগতে পঢ়ক : India Japan ties: ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিৰাপত্তাৰ বাবে ভাৰত-জাপানৰ সম্পৰ্কত বৃদ্ধি পাইছে উত্তৰ-পূবৰ গুৰুত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.