তিনিচুকীয়া, ২৬ জুন : তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰি জুটুলি বাৰীৰ ৰাজেশ্বৰ বৰুৱা আৰু এনিশা বৰুৱাৰ কন্যা উৰ্বশী বৰুৱাই ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, উত্তৰাখণ্ডৰ নাইনিতালত ১৫ আৰু ১৬ জুনত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল ১৮ সংখ্যক নৰ্থ ইণ্ডিয়া ৱাডো কাই কাৰাটে চেম্পিয়নশ্বিপ, ২০১৯ ।
উৰ্বশীৰ এই সাফল্যৰ পাছতে সমগ্ৰ কৰ্দৈগুৰি অঞ্চলতে আনন্দৰ বন্যা বৈছে । বুধবাৰে অসম মৰাণ সভা তালাপ কৰ্দৈগুৰি আঞ্চলিক সমিতি, কৰ্দৈগুৰি আঞ্চলিক ক্ৰীড়া সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে বহু দল - সংগঠনে উষ্ম আদৰণী জনাই উৰ্বশীক ৷