ETV Bharat / sports

টকিঅ' অলিম্পিক: বেলাৰুচৰ খেলুৱৈৰ হাতত পৰাজিত ভাৰতৰ অংশু মালিক - ইৰিনা কুৰাচকিনা

মহিলাৰ ফ্ৰীষ্টাইল ৫৭ কেজি ইভেণ্টত ইউৰোপীয়ন চেম্পিয়ন ইৰিনা কুৰাচকিনাৰ হাতত পৰাজিত হয় ভাৰতীয় মল্লযুঁজাৰু অংশু মালিক ।

Anshu Malik loses
বেলাৰুচৰ খেলুৱৈৰ হাতত পৰাজিত ভাৰতৰ অংশু মালিক
author img

By

Published : Aug 4, 2021, 1:08 PM IST

স্পৰ্টছ ডেস্ক, ৪ আগষ্ট : টকিঅ' অলিম্পিকৰ (Tokyo Olympic) আৰম্ভণিৰ ৰাউণ্ডতে পৰাজয়ৰ মুখ দেখিলে ভাৰতীয় মল্লযোদ্ধা অংশু মালিকে (Anshu Malik) । মহিলাৰ ফ্ৰীষ্টাইল ৫৭ কেজি ইভেণ্টত ইউৰোপীয়ন চেম্পিয়ন ইৰিনা কুৰাচকিনাৰ (Iryna Kurachkina) হাতত পৰাজিত হয় অংশু মালিক । খেলৰ প্ৰথম ভাগৰ পৰাই বেলাৰুচৰ খেলুৱৈ গৰাকীয়ে মেটত নিজৰ আধিপত্য দেখুৱাইছিল আৰু প্ৰথম পিৰিয়ডত ৪-০ পইণ্টত অগ্ৰগতি লাভ কৰিছিল ।

আনকি ভাৰতীয় মল্লযোদ্ধা অংশু মালিকক কোনো সুযোগে দিয়া নাছিল বেলাৰুচৰ তৃতীয় শ্ৰেণীৰ খেলুৱৈগৰাকীয়ে । অৱশ্যে দ্বিতীয় পিৰিয়ডত মালিকে কিছু ভাল প্ৰদৰ্শন দেখুৱাইছিল আৰু দুই পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হয় । কিন্তু পিছলৈ ৮-২ পইণ্টত বেলাৰুচৰ খেলুৱৈগৰাকীয়ে আকৰ্ষণীয়ভাৱে খেল খন নিজৰ হাতলৈ আনিবলৈ সক্ষম হয় ।

অংশু মালিকৰ পৰাজয়ে কিছু পৰিমাণে নিৰাশ কৰা দেখা গৈছে ভাৰতীয় শিবিৰক । কিয়নো এছিয়ান চেম্পিয়ন (Asian Champion) মালিকে বিগত বিশ্বকাপত ৰূপৰ পদক অৰ্জন কৰিছিল আৰু অলিম্পিকৰ বাবে তেওঁৰ ওপৰত যথেষ্ট আশা কৰা হৈছিল ।

অৱশ্যে এতিয়াও কেইবাগৰাকী খেলুৱৈয়ে তেওঁলোকৰ নিজৰ নিজৰ শিতানৰ বাবে আগবাঢ়িছে । আশা কৰা মতে মল্লযোদ্ধাসকলৰ এজনে হ'লেও দেশৰ বাবে পদক আনিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক :টকিঅ' অলিম্পিক: প্ৰথম প্ৰচেষ্টাতে ফাইনেলত Javelin thrower নীৰজ চোপ্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.