ETV Bharat / sports

টাইগাৰ উডছলৈ আমেৰিকাৰ সৰ্বোচ্চ অসামৰিক সন্মান

author img

By

Published : May 5, 2019, 2:55 PM IST

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান "প্ৰেছিডেন্সিয়েল মেডেল অব্ ফ্ৰিডম" সন্মানেৰে বিভূষিত কৰিব টাইগাৰ উডছক । উডছক তেওঁৰ অভাৱনীয় সফলতা আৰু ক্ৰীড়া বিশ্বলৈ অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হ'ব ।

টাইগাৰ উডছলৈ আমেৰিকাৰ সৰ্বোচ্চ অসামৰিক সন্মান

নিউজ ডেস্ক, ৫ মে': টাইগাৰ উডছক সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে "প্ৰেছিডেন্সিয়েল মেডেল অব্ ফ্ৰিডম" সন্মানেৰে বিভূষিত কৰিব । ৪৩ বৰ্ষীয় আমেৰিকান গ'ল্ফাৰ গৰাকীয়ে যোৱা মাহত তেওঁৰ ১৫ সংখ্যক মেজৰ পদক লাভ কৰিছে । গ'ল্ফ ফিল্ডৰ অন্যতম সফল খেলুৱৈগৰাকীৰ দখলত আছে অসংখ্য গ'ল্ফ ৰেকৰ্ড । বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গ'ল্ফাৰ সকলৰ ভিতৰত গণ্য কৰা ওডছক হোৱাইট হাউছত এই সন্মান প্ৰদান কৰা হ'ব ।

ETV BHARAT ASSAM

ৰাষ্ট্ৰপতি ট্ৰাম্পে এক টুইটৰ জৰিয়তে এই কথা প্ৰকাশ কৰি কয় যে, উডছক তেওঁৰ অভাৱনীয় সফলতা আৰু ক্ৰীড়া বিশ্বলৈ সফল উভতনিৰ বাবে এই সন্মান প্ৰদান কৰা হ'ব । সাধাৰণতে ৰাজনীতি ক্ষেত্ৰৰ পৰা আঁতৰি থকা বিশ্ববিখ্যাত খেলুৱৈ গৰাকীয়ে সন্মান গ্ৰহণৰ বাবে হোৱাইট হাউছৰ দৰে সৰ্বোচ্চ ৰাজনৈতিক মঞ্চত থিয় হ'ব । বহুসংখ্যক এথলীটে ট্ৰাম্প প্ৰশাসনৰ প্ৰতি অনিশ্চা প্ৰকাশ কৰাৰ সময়তে এই ঘোষণা মন কৰিবলগীয়া । বিশ্ববিখ্যাত এনবিএৰ গ'ল্ডেন ৱেৰিয়াৰ্ছ দলে হোৱাইট হাউছ ভ্ৰমণ নাকচ কৰাৰ লগতে দলটোৰ বহুকেইজন খেলুৱৈয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক সমালোচনা কৰাও পৰিলক্ষিত হৈছিল ।

উল্লেখ্য যে, টাইগাৰ উডছক প্ৰদান কৰিবলগীয়া সন্মানটো হৈছে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান । ১৯৬৩ চনৰ পৰা প্ৰদান কৰা এই সন্মানটো ক্ৰীড়াক্ষেত্ৰৰ উপৰিও কলা, অভিনয়, সংগীত, অৰ্থনীতি, স্থাপত্যশিল্প, লেখনি, আইন, সাংবাদিকতা, চিকিৎসা বিদ্যা আৰু ৰাজনীতিত প্ৰদান কৰা হয় ।

TIGER WOODS TO BE HONORED BY TRUMP 

টাইগাৰ ওডছক সম্বৰ্ধনা জনাব ট্ৰাম্পে 

নিউজ ডেস্ক, ৫ মে': টাইগাৰ ওডছক সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে "প্ৰেছিডেন্সিয়েল মেডেল অব্ ফ্ৰিডম" সন্মানেৰে বিভূষিত কৰিব । ৪৩ বৰ্ষীয় আমেৰিকান গ'ল্ফাৰ গৰাকীয়ে যোৱা মাহত তেওঁৰ ১৫ সংখ্যক মেজৰ পদক লাভ কৰা খেলুৱৈগৰাকীৰ দখলত আছে অলেখ গ'ল্ফ ৰেকৰ্ড । বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গ'ল্ফাৰ সকলৰ ভিতৰতো গণ্য কৰা ওডছক হোৱাইট হাউছত এই সন্মান প্ৰদান  কৰা হ'ব । 

ট্ৰাম্পে এক টুইটৰ জৰিয়তে এই কথা প্ৰকাশ কৰি কয় যে, ওডছক তেওঁৰ অভাৱনীয় সফলতা আৰু ক্ৰীড়া বিশ্বলৈ সফল উভতনিৰ বাবেই এই সন্মান প্ৰদান কৰা হ'ব । বহুসংখ্যক এথলীটে ট্ৰাম্প প্ৰশাসনৰ প্ৰতি অনিশ্চা প্ৰকাশ কৰাৰ সময়তে এই ঘোষণা কৰা হৈছে । বিশ্ববিখ্যাত এনবিএৰ গ'ল্ডেন ৱেৰিয়াৰ্ছে দলে হোৱাইট হাউছ ভ্ৰমণ নাকচ কৰাৰ লগতে দলটোৰ বহুকেইজন খেলুৱৈয়ে ৰাষ্ট্ৰপতি জনক সমালোচনা কৰাও পৰিলক্ষিত হৈছিল । 

উল্লেখ্য যে, টাইগাৰ ওডছক প্ৰদান কৰিবলগীয়া সন্মানটো হৈছে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান । ১৯৬৩ চনৰ পৰা প্ৰদান কৰা এই সন্মানটো ক্ৰীড়া ক্ষেত্ৰৰ উপৰিও কলা, অভিনয়, সংগীত, অৰ্থনীতি, স্থাপত্যশিল্প, লেখনি, আইন, সাংবাদিকতা,চিকিৎসা বিদ্যা আৰু ৰাজনীতিত প্ৰদান কৰা হয় । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.