স্পৰ্টছ ডেস্ক, ২৯ ছেপ্টেম্বৰ : চীনৰ হাংঝৌত চলি থকা এছিয়ান গেমছত ভাৰতে এইবাৰ চমৎকাৰ প্ৰদৰ্শন কৰিছে । হাংঝৌত চলি থকা এছিয়ান গেমছত ভাৰতে এতিয়ালৈকে মুঠ ২৭ টা পদক লাভ কৰিছে । ইয়াৰে ভিতৰত আছে ৭ টা সোণ, ৯ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জৰ পদক । এছিয়ান গেমছত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলত ৰূপৰ পদক অৰ্জন কৰা মেহুলি ঘোষ আৰু ২৫ মিটাৰ ৰেপিড ফায়াৰ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰা বিজয়বীৰ সিং সিদ্ধুৱে ইটিভি ভাৰতৰ সৈতে এক সাক্ষাৎকাৰত মিলিত হয় ।
কেতিয়াও ৰাইফল কিনিবলৈ টকা নাছিল, দেশৰ বাবে জয় কৰিলে ৰূপৰ পদক
পশ্চিমবংগৰ হুগলীৰ এখন সৰু চহৰৰ পৰা অহা মেহুলি ঘোষে এই পৰ্যায়ত উপনীত হ'বলৈ যথেষ্ট সংগ্ৰাম কৰিছে । তেওঁ প্ৰমাণ কৰিছে যে এগৰাকী ব্যক্তিয়ে যদি জীৱনত কঠোৰ পৰিশ্ৰম কৰে, তেন্তে তেওঁ নিশ্চিতভাৱে এদিন সফলতা লাভ কৰিব । মেহুলীয়ে কয় যে এনে এক সময় আছিল, যেতিয়া তেওঁৰ ওচৰত ৰাইফল নাছিল । আনকি পৰিয়ালটোৰ ওচৰতো তেওঁক ৰাইফল কিনি দিবলৈ টকা নাছিল । কিন্তু তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক সমৰ্থন কৰিছিল আৰু বন্ধুবৰ্গৰ সহায়ত তেওঁ ৰাইফলটো ক্ৰয় কৰিছিল । তাৰ পিছত মেহুলীয়ে কঠোৰ পৰিশ্ৰম কৰি আজি তেওঁ এই স্থান অৰ্জন কৰিছে ।
মেহুলীয়ে কয় যে যদি এজন ব্যক্তি তেওঁৰ জীৱনত কিবা এটা কৰাৰ বাবে সংকল্পবদ্ধ হয়, তেন্তে কোনো কামেই ডাঙৰ নহয় । কিন্তু তাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায় লাগিব । বিফলতাৰ পিছতো কোনেও হাৰ মানিব নালাগে । কাৰণ বিফলতাৰ পিছতহে সফলতা আহে । উল্লেখ্য যে তেওঁ ২০১৮ চনতো দেশৰ হৈ এটা পদক জিকিছিল । বৰ্তমান তেওঁ এছিয়ান গেমছতো ৰূপৰ পদক জয় কৰি সমগ্ৰ এছিয়াতে নিজৰ নাম বিখ্যাত কৰি তুলিছে ।
বিফলতাৰ পৰা শিক্ষা আহৰণ, কেতিয়াও পৰাজয় স্বীকাৰ কৰা নাছিল
নিৰন্তৰ চেষ্টা কৰি থাকিলে আপুনি নিশ্চিতভাৱে এদিন সফলতা লাভ কৰিবই । পঞ্জাবৰ বাসিন্দা বিজয়বীৰ সিদ্ধুৱে এছিয়ান গেমছত অনুষ্ঠিত ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টলত পুৰুষৰ অন্তিম শ্বুটিং ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে । সিদ্ধুৱে কয় যে এছিয়ান গেমছত ব্ৰঞ্জৰ পদক অৰ্জন নকৰালৈকে তেওঁ হাৰ মানি লোৱা নাছিল । তেওঁ কয় যে বিগত কেইবা বছৰ ধৰি তেওঁ কঠোৰ পৰিশ্ৰম কৰি আছিল । তেওঁ পূৰ্বতেও বহু ডাঙৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । কিন্তু এছিয়ান গেমছত দেশৰ বাবে ব্ৰঞ্জৰ পদক অৰ্জন কৰাটো এটা ডাঙৰ সফতা আৰু তেওঁ আজি বহুত সুখী ।
উল্লেখ্য যে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে এছিয়ান গেমছৰ পদক বিজয়ীসকলক আদৰণি জনায় আৰু সম্বৰ্ধনা জ্ঞাপন কৰে । ক্ৰীড়া মন্ত্ৰীৰ পৰা এই সন্মান লাভ কৰি বিজয়বীৰ অত্যন্ত সুখী । তেওঁ জীৱনত কঠোৰ পৰিশ্ৰম কৰি আহিছে আৰু অনুশীলন কেতিয়াও বন্ধ কৰা নাছিল । তেওঁ লগতে কয় যে একেধৰণে কঠোৰ পৰিশ্ৰম তেওঁ অব্যাহত ৰাখিব আৰু দেশক গৌৰৱান্বিত কৰিব ।
লগতে পঢ়ক :Asian Games 2023 : টেনিছ আৰু স্কোয়াছত সোণৰ পদকৰ পৰা বঞ্চিত ভাৰতীয় দল