কাহিলীপাৰা,17 জানুৱাৰীঃ কাহিলীপাৰা শ্বুটিং ৰেঞ্জত হাতত ৰাইফল লৈ এগৰাকী যুৱতী ৷ পিতৃৰ আধৰুৱা সপোন বাস্তবায়িত কৰাই যুৱতীগৰাকীৰ প্ৰধান লক্ষ্য ৷ খেল’ ইণ্ডিয়া য়ুথ গেমছৰ তৃতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ পশ্চিমবংগৰ পৰা অসমলৈ আহিছে আৰুষী পোদ্দাৰ নামৰ এগৰাকী ১৯ বছৰীয়া যুৱতী ৷ কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জত খেল’ ইণ্ডিয়া য়ুথ গেমছৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ মিক্স ইভেণ্টত পশ্চিম বংগৰ আৰুষী পোদ্দাৰে অমৰ্ত্য মুখাৰ্জীৰ লগত লাভ কৰিছে স্বৰ্ণ পদক ৷ উল্লেখ্য যে, আৰুষীৰ পিতৃ পংকজ পোদ্দাৰ ভাৰতীয় ৰে'ল বিভাগৰ এজন কৰ্মচাৰী ৷ ৰে'ল বিভাগৰহৈ পঙ্কজ পোদ্দাৰেও বিভিন্ন শ্বুটিং প্ৰতিযোগিতা অংশগ্ৰহণ কৰে যদিও পঙ্কজ পোদ্দাৰৰ সপোন আছিল দেশৰ হৈ অলিম্পিকত অংশগ্ৰহণ কৰা ৷ কিন্তু আৰ্থিক অসুবিধাৰ বাবেই পংকজ পোদ্দাৰৰ অলিম্পিকত অংশগ্ৰহণ কৰাৰ সপোন দিঠকত পৰিণতি নহ'ল ৷ সেয়েহে পিতৃৰ এই সপোনক দিঠকত পৰিণতি কৰিবলৈ হাতত ৰাইফল তুলি শ্বুটিং অনুশীলনত নামিছিল আৰুষী ৷ খেল’ ইণ্ডিয়াত লাভ কৰা স্বৰ্ণপদকে আৰুষীক ২০২৪ অলিম্পিকৰ দুৱাৰ দলিলৈ আৰু এখোজ আগুৱাই আনিছে ৷
আনহাতে, খেলো ইণ্ডিয়াত আৰুষীৰ লগত একেলগে খেলি স্বৰ্ণ পদক লাভ কৰা অমৰ্ত্য মুখাৰ্জীয়েও আৰুষীৰ সংগত আহৰণ কৰিছে বহু অভিজ্ঞতা ৷ অলিম্পিকত পদক লাভ কৰি পিতৃৰ সপোন বাস্তৱায়িত কৰাৰ লগতে সমগ্ৰ দেশবাসীক গৌৰাৱান্বিত কৰিবলৈ এতিয়া আৰুষীক প্ৰয়োজন কঠোৰ অনুশীলনৰ লগতে দেশবাসীৰ আশীৰ্বাদৰ ৷
লগতে পঢ়ক- "প্ৰচুৰ সম্ভাৱনা থকা অসমৰ বক্সাৰ সকলক লাগে এখন উপযুক্ত প্লেটৰ্ফম"