ETV Bharat / sports

World Boxing Championship 2023 : বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ছুইটী বোৰাৰ স্বৰ্ণ জয় - Lovlina Borgohain enters into world boxing final

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল চাৰিগৰাকী ভাৰত কন্যাই । ভাৰতীয় বক্সিংঙত ইতিহাস সৃষ্টি কৰি চাৰিওগৰাকীয়ে ফাইনেলত প্ৰৱেশ কৰে । তাৰে ভিতৰত দুগৰাকীয়ে চেম্পিয়নশ্বিপৰ মুকুট দখল কৰে । আন দুগৰাকী ভাৰত কন্যাৰ পৰা খিতাপৰ আশাত আছে ভাৰতবাসী । তাৰে এগৰাকী হৈছে অসমৰ লাভলীনা বৰগোঁহাই আৰু আনগৰাকী নিখাত জাৰিন । শনিবাৰে লাইট হেভিৱেইট (৮১ কেজি) শাখাত ছুইটী বোৰাই সোণৰ পদক লাভ কৰে (Saweety Boora won gold medal in world boxing championship) ।

IBA Boxing
World Boxing Championship 2023
author img

By

Published : Mar 26, 2023, 8:29 AM IST

স্পৰ্টছ ডেস্ক, ২৬ মাৰ্চ : শনিবাৰে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ পৰা ভাৰতীয় বক্সিঙৰ জোলোঙাত সোমায় দ্বিতীয়টো স্বৰ্ণ পদক (IBA World Womens Boxing Championship 2023) । নীতু ঘাঙ্ঘাছৰ পিছত স্বৰ্ণ জয় কৰে ছুইটী বোৰাই (Nitu Ghanghas won gold medal in world boxing championship) । লাইট হেভিৱেইট (৮১ কেজি) শাখাত তেওঁ চীনৰ ৱাং লিনাক পৰাস্ত কৰে । ফলত শনিবাৰে ফাইনেলত প্ৰৱেশ কৰা দুই ভাৰতীয় বক্সাৰেই সোণৰ পদক অৰ্জন কৰে । ভাৰতৰ সপ্তমগৰাকী বক্সাৰ হিচাবে বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰে ছুইটীয়ে (Saweety Boora won gold medal in world boxing championship) ।

উল্লেখ্য যে বৰ্তমান সময়ত বক্সিঙত ছুইটীৰ প্ৰদৰ্শন আকর্ষণীয় পৰ্যায়ত আছে । এছিয়ান বক্সিং চেম্পিয়নশ্বিপতো স্বৰ্ণ জয় কৰিছিল তেওঁ । এইবাৰ বিশ্বশ্ৰেষ্ঠ হ'ল । ইয়াৰ পূৰ্বে দেশ-বিদেশত একাধিক পদক জয় কৰিছে ছুইটীয়ে । ছুইটীৰ স্বামী দীপকো এগৰাকী ক্রীড়াবিদ । দীপক ভাৰতীয় কাবাডী দলৰ সৈতে জড়িত । বিগত বছৰৰ জুলাই মাহত তেওঁলোক বিবাহপাশত আবদ্ধ হয় ।

শনিবাৰে ভাৰতক প্রথমটো স্বৰ্ণ পদক উপহাৰ দিয়ে নীতু ঘাঙ্ঘাছে । ৪৮ কেজি শাখাত নীতুৰ পৰা পদকৰ আশা আছিল ভাৰতৰ । কিন্তু সেয়া যে স্বৰ্ণ পদক হ'ব তাৰ অনুমান কোনেও কৰিব পৰা নাছিল । কিন্তু ২২ বছৰীয়া যুৱ বক্সাৰগৰাকী ফাইনেলত প্ৰৱেশৰ পিচত তেওঁক লৈ আশা বৃদ্ধি পায় ভাৰতীয় বক্সিং মহলৰ ।

উল্লেখ্য যে, এইবাৰ দিল্লীত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত এতিয়া সকলোৰে দৃষ্টি আন দুগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই আৰু নিখাত জাৰিনৰ ওপৰত দৃষ্টি নিবদ্ধ (Lovlina Borgohain enters into world boxing final) ।

মহিলাৰ বক্সিং বিশ্ব চেম্পিয়নশ্বিপত ইয়াকে লৈ ১২ টা পদক আহিল ভাৰতলৈ । মেৰি কমে অকলেই ছয়বাৰ বিশ্বচেম্পিয়ন হৈছে । তেওঁ ২০০২, ২০০৫, ২০০৬, ২০০৮, ২০১০ আৰু ২০১৮ চনত বিশ্ব চেম্পিয়ন হৈছিল । এবাৰকৈ পদক জয় কৰিছে সৰিতা দেৱী (২০০৬), জেনি লালৰেমলিয়ানি (২০০৬), লেখা চেট্টাদি (২০০৬) আৰু নিখাত জাৰিনে (২০২২) ।

লগতে পঢ়ক :Womens World Boxing Championship 2023 : ২০০৬ ৰ পুনৰাবৃত্তি কৰিব পাৰিব নে ৪ ভাৰতীয় মহিলা বক্সাৰে ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.