ETV Bharat / sports

Swiss Open 2023 : সাতৱিক আৰু চিৰাগৰ চুইছ অ’পেন খিতাপ দখল - Satwik and Chirag in Swiss Open final

বিশ্ব ৰেংকিঙৰ ২১ নম্বৰত থকা চীনৰ যুটিক পৰাস্ত কৰি ভাৰতীয় যুটি সাতৱিকচাইৰাজ ৰেঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীৰ চুইছ অ’পেন খিতাপ অৰ্জন (Satwik and Chirag win Swiss Open title)। চুইছ অ‘পেন চুপাৰ ৩০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ ফাইনেলত খিতাপ অৰ্জনেৰে আন এক সাফল্য দুই ভাৰতীয়ৰ । ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক উছাহ ।

Swiss Open 2023
সাতৱিক আৰু চিৰাগৰ চুইছ অপেন খিতাপ দখল
author img

By

Published : Mar 26, 2023, 9:37 PM IST

স্পৰ্টছ ডেস্ক,২৬ মাৰ্চ : চুইছ অ’পেনত ভাৰতীয়ৰ আধিপত্য অব্যাহত আছে । এইবাৰ পুনৰ চুইছ অপেন ২০২৩ত দুই ভাৰতীয়ই মাৰিলে শেষ হাঁহি । দেওবাৰে অনুষ্ঠিত চুইছ অ’পেন চুপাৰ ৩০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ ফাইনেলত চীনৰ ৰেন জিয়াং য়ু আৰু টেন কিয়াঙক পৰাস্ত কৰিলে ভাৰতীয় পুৰুষৰ দ্বৈত যুটি সাতৱিক চাইৰাজ ৰেঙ্কিৰেড্ডী (Satwiksairaj Rankireddy) আৰু চিৰাগ চেট্টীয়ে । খিতাপ জয়েৰে দুই ভাৰতীয়ই চুইছ অপেনৰ আকৰ্ষণীয় অভিযান সমাপ্ত কৰে (Satwik and Chirag win Swiss Open title)।

২০২২ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী তথা বিশ্বৰ দ্বিতীয় স্থানত থকা ভাৰতীয় যুটি সাতৱিক চাইৰাজ ৰেঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে (Chirag Shetty) ৫৪ মিনিটত বিশ্বৰ ২১ নম্বৰৰ চীনৰ যুটিটোক ২১-১৯, ২৪-২২ ত পৰাস্ত কৰিবলৈ সক্ষম হয় (Indian beat Chinese mens doubles pair)।

অল ইংলেণ্ড চেম্পিয়নশ্বিপত হতাশ হৈ অহাৰ পাছত এইটো ভাৰতৰ বাবে ছিজনৰ প্ৰথম খিতাপ আছিল । সামগ্ৰিকভাৱে, এইটো ভাৰতীয় যুটিটোৰ কেৰিয়াৰৰ বাবে পঞ্চম বিশ্ব খিতাপ । যোৱা বছৰ ইণ্ডিয়া অ’পেন আৰু ফ্ৰেন্স অ’পেনত খিতাপ অৰ্জনৰ লগতে ভাৰতীয় যুটিটোৱে ২০১৯ চনত থাইলেণ্ড অ’পেন আৰু ২০১৮ চনত হায়দৰাবাদ অ‘পেনত খিতাপ অৰ্জন কৰিছিল (Satwiksairaj Rankireddy and Chirag Shetty)।

ইফালে সাতৱিক আৰু চিৰাগে ২০২২ চনত কমনৱেলথ গেমছৰ স্বৰ্ণ জয় কৰিছিল (Commonwealth Games 2022)। চুইছ অ’পেনৰ সৈতে ভাৰতৰ এক বিশেষ সম্পৰ্ক আছে । বিগত কেইবাবছৰ ধৰি চুইছ অ’পেনত ভাৰতীয় দপদপনি অব্যাহত আছে । ইয়াৰ পূৰ্বে পিভি সিন্ধুৱে ২০২২ চনত, চাইনা নেহৱালে একেৰাহে ২০১১ আৰু ২০১২ চনত, কিদাম্বি শ্ৰীকান্তে ২০১৫ত আৰু এইচ এছ প্ৰণয়ে ২০১৬ চনত চুইছ অপেনৰ খিতাপ অৰ্জন কৰিছিল । সাতৱিক আৰু চিৰাগ যুটিটোৱে তিনিখন খেলৰ অন্তত ফাইনেলত অৱতীৰ্ণ হৈছিল (Satwik and Chirag in Swiss Open final)।

লগতে পঢ়ক :World Boxing Championship 2023 : বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ছুইটী বোৰাৰ স্বৰ্ণ জয়

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.