গুৱাহাটী, 19 জানুৱাৰীঃ গুৱাহাটীত চলি থকা খেলো ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি তুংগত ৷ অহা 22 জানুৱাৰীত গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অনুষ্ঠিত হ’ব খেলো ইণ্ডিয়াৰ তৃতীয় সংস্কৰণৰ বৰ্ণিল সামৰণি অনুষ্ঠান ৷ সামৰণি অনুষ্ঠানৰ মুখ্য আকৰ্ষণ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছান ৷ খেলো ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানৰ দৰেই বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে সামৰণি অনুষ্ঠানৰ ৷ তাৰোপৰি চীনৰ মাৰ্চিয়েল আৰ্টৰ এটা বিশেষ দলে প্ৰদৰ্শন কৰিব তেওঁলোকৰ সমৰ-কলা ৷ গীত-নৃত্যৰ লগতে প্ৰদৰ্শিত হ'ব দেশৰ বিভিন্ন প্ৰান্তৰ থলুৱা কলা-সংস্কৃতি ৷ বলীউড-জলীউডৰ শিল্পীৰ সমাহাৰেৰে অনুষ্ঠানটি অধিক আকৰ্ষণীয় হ'ব বুলি আশাবাদী আয়োজক ৷
ইফালে খেলো ইণ্ডিয়াৰ বিগত দিনকেইটা সুকলমে পাৰ কৰাৰ লগতে আগন্তুক দিনকেইটাও আশাপ্ৰদ অনুসৰিয়েই পাৰ হ’ব বুলি আশাবাদী খেল' ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ যোশী ৷ খেলুৱৈ তথা প্ৰতিনিধিসকলৰ বাবে সকলো ব্যৱস্থা নিয়াৰিকৈ কৰা হৈছে বুলি উল্লেখ কৰে বিষয়া গৰাকীয়ে। সৰু-সুৰা ভুল ক্ৰটি হৈছে যদিও সেইসমূহ সমাধান কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আছে উদ্যোক্তাই ৷ ইপিনে সাঁতোৰ প্ৰতিযোগিতাত প্ৰতিযোগী বাছনিত খেলিমেলি হোৱাৰ এক অভিযোগ উত্থাপিত হৈছিল ৷ এই সন্দৰ্ভত খেলো ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে উল্লেখ কৰে যে, নিৰ্বাচকৰ নিয়ম অনুসৰি সম্পূৰ্ণ শুদ্ধভাৱে নিৰ্বাচন কৰা হৈছে ৷ তদুপৰি ৰাইজক খেলসমূহ উপভোগ কৰি খেলুৱৈসকলক উৎসাহিত কৰিবলৈ তেওঁ আহ্বান জনায় ৷ মুঠৰ ওপৰত খেলো ইণ্ডিয়াৰ দশম দিনটোও সফলতাৰে পাৰ হৈ যায় ৷
আৰু পঢ়কঃখেল' ইণ্ডিয়াৰ আজি নৱমটো দিনতো অসমৰ জয়ৰ ধাৰা অব্যাহত