স্পৰ্টছ ডেস্ক, ১৬ ডিচেম্বৰ : পৰ্তুগালৰ প্ৰশিক্ষক পদৰ পৰা পদত্যাগ ফাৰ্ণাণ্ডো চেণ্টোছৰ (portugal coach fernando santos resigned) । বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত দলটো মৰক্কোৰ হাতত পৰাজিত হোৱাৰ পিছতে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে (FIFA world cup 2022) । উল্লেখ্য, কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ অন্তিম পৰ্যায়ত উপস্থিত হৈছে ।
দেওবাৰে আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত হ'ব চূড়ান্ত খেল (Qatar world cup 2022 final) । এইবাৰৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আছিল বিভিন্ন উত্থান-পতনেৰে ভৰা । কাটাৰ বিশ্বকাপত বহুতো সৰু দলে কিংবদন্তি দলবোৰক পৰাস্ত কৰি এক প্ৰকাৰৰ চমক সৃষ্টি কৰে । যাৰ বাবে বহুকেইটা দলে নকআউট পৰ্যায়ৰ পূৰ্বে তথা কোৱাৰ্টাৰ ফাইনেলতে নিজৰ অভিযান সামৰিবলগা হয় ।
-
Momentos 𝗛𝗶𝘀𝘁𝗼́𝗿𝗶𝗰𝗼𝘀. 📸🎞 Thanks for the memories, Fernando Santos. 👏👏#VesteABandeira #WearTheFlag pic.twitter.com/U8eIMvmUaa
— Portugal (@selecaoportugal) December 15, 2022 " class="align-text-top noRightClick twitterSection" data="
">Momentos 𝗛𝗶𝘀𝘁𝗼́𝗿𝗶𝗰𝗼𝘀. 📸🎞 Thanks for the memories, Fernando Santos. 👏👏#VesteABandeira #WearTheFlag pic.twitter.com/U8eIMvmUaa
— Portugal (@selecaoportugal) December 15, 2022Momentos 𝗛𝗶𝘀𝘁𝗼́𝗿𝗶𝗰𝗼𝘀. 📸🎞 Thanks for the memories, Fernando Santos. 👏👏#VesteABandeira #WearTheFlag pic.twitter.com/U8eIMvmUaa
— Portugal (@selecaoportugal) December 15, 2022
ইয়াৰে ভিতৰত এটা দল আছিল মৰক্কো । কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৱে পৰ্তুগালক পৰাস্ত কৰে আৰু তেওঁলোকক বিশ্বকাপৰ বাহিৰৰ ৰাস্তা দেখুৱায় (Morocco beat Portugal in world cup quarter final) । উক্ত মেচখনত পৰ্তুগালে প্ৰথমাৰ্ধত তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোণাল্ডোক (Christiano Ronaldo) বেঞ্চত বহিবলৈ বাধ্য কৰে । যাৰ ফলত পৰাজয়ৰ পিছত এক প্ৰকাৰৰ হুলস্থুলৰ সৃষ্টি হয় । তাৰ পিছতে বহুতে প্ৰশিক্ষকগৰাকীৰ পদত্যাগ দাবী কৰে । তাৰ ফলশ্ৰুতিতে পৰ্তুগালৰ প্ৰশিক্ষক ফাৰ্ণাণ্ডো চেণ্টোছে অৱশেষত বৃহস্পতিবাৰে তেওঁৰ পদৰ পৰা পদত্যাগ কৰে ।
-
𝗢𝗯𝗿𝗶𝗴𝗮𝗱𝗼 por tudo, Mister Fernando Santos. 🤝 #VesteABandeira pic.twitter.com/L20QjwfQve
— Portugal (@selecaoportugal) December 15, 2022 " class="align-text-top noRightClick twitterSection" data="
">𝗢𝗯𝗿𝗶𝗴𝗮𝗱𝗼 por tudo, Mister Fernando Santos. 🤝 #VesteABandeira pic.twitter.com/L20QjwfQve
— Portugal (@selecaoportugal) December 15, 2022𝗢𝗯𝗿𝗶𝗴𝗮𝗱𝗼 por tudo, Mister Fernando Santos. 🤝 #VesteABandeira pic.twitter.com/L20QjwfQve
— Portugal (@selecaoportugal) December 15, 2022
বৰ্তমান বিতৰ্কিত জোচে মৰিনহোক পৰ্তুগালৰ নতুন প্ৰশিক্ষক হিচাবে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে । পৰ্তুগাল ফুটবল ফেডাৰেচনে এক বিবৃতিত কয় যে ৬৮ বছৰীয়া চেণ্টোছৰ সৈতে এক চুক্তি আছিল । ২০১৪ চনৰ ছেপ্টেম্বৰত আৰম্ভ হোৱা এই সফল যাত্ৰা এতিয়া সমাপ্ত হ'বলৈ আগবাঢ়িছে । ফুটবল ফেডাৰেচন অব পৰ্তুগালে (Football Fedaration of Portugal) কয় যে বৰ্তমান ফেডাৰেচনে পৰৱৰ্তী ৰাষ্ট্ৰীয় প্ৰশিক্ষক বাছনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ইউৰো ২০২৪-ৰ পূৰ্বে ফেডাৰেচনে মৰিনহোক পৰ্তুগালৰ নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি দিব বিচাৰে ।
লগতে পঢ়ক :FIFA World Cup 2022: নতুন ইতিহাস ৰচনা কৰাৰ লক্ষ্যৰে ফাইনেলত আৰ্জেণ্টিনা আৰু ফ্ৰান্স