ETV Bharat / sports

Pele health Updates: শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ চিকিৎসাৰ প্ৰতি ইতিবাচক সঁহাৰি পেলেৰ

author img

By

Published : Dec 4, 2022, 9:15 AM IST

তিনিবাৰৰ বিশ্বকাপ বিজয়ী পেলে কেন্সাৰত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে (Pele suffering from Cancer)। শেহতীয়া ২৪ ঘণ্টাত তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱা নাই বুলি শনিবাৰে এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়খনে জনায় । মঙলবাৰৰ পৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৮২ বছৰীয়া পেলে ।

Pele responding well to treatment for respiratory infection

নিউজ ডেস্ক, 4 ডিচেম্বৰ : ব্ৰাজিলৰ ফুটবল খেলুৱৈ পেলেই শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ চিকিৎসাৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি জনাইছে (Footballer Pele in Hospital) ৷ শেহতীয়া ২৪ ঘণ্টাত তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱা নাই বুলি শনিবাৰে এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়খনে জনায় । মঙলবাৰৰ পৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৮২ বছৰীয়া পেলে ।

পেলেই ইনষ্টাগ্ৰামত প্ৰকাশ কৰা এক বিবৃতিত কয়, "বহু আশাৰে মই শক্তিশালী আৰু মই মোৰ চিকিৎসা পদ্ধতিক সদায় অনুসৰণ কৰো । মই লাভ কৰা সকলো যত্নৰ বাবে সমগ্ৰ মেডিকেল আৰু নাৰ্চিং দলটোক ধন্যবাদ জনাইছোঁ । মোৰ ঈশ্বৰৰ ওপৰত বহুত বিশ্বাস আছে আৰু সমগ্ৰ বিশ্বতে আপোনালোকৰ পৰা পোৱা প্ৰতিটো শুভ বাৰ্তাই মোক শক্তিশালী কৰি তুলিছে’’ (Pele Instagram post) ।

উল্লেখ্য যে, তিনিবাৰৰ বিশ্বকাপ বিজয়ীগৰাকী কেন্সাৰত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে (Pele suffering from Cancer)। পেলেৰ কন্যা কেলি নাচিমেণ্টোৱে কাটাৰত থকা ব্ৰাজিলৰ অনুৰাগীৰ পৰা ইনষ্টাগ্ৰামত পতাকা আৰু বেনাৰেৰে পিতৃক শুভেচ্ছা জনাই কেইবাখনো ছবি পোষ্ট কৰে । মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰখনৰ অট্টালিকাসমূহতো ফুটবলৰ প্ৰাক্তন মহান খেলুৱৈগৰাকীৰ সমৰ্থনত বাৰ্তা প্ৰদৰ্শন কৰা হৈছিল (Pele health updates) ।

সোমবাৰে বিশ্বকাপৰ ১৬ ৰাউণ্ডত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব ব্ৰাজিলে । পেলেই ১৯৫৮, ১৯৬২, আৰু ১৯৭০ চনৰ বিশ্বকাপ জয় কৰাত ব্ৰাজিলক সহায় কৰিছিল ৷ ৯২ খন মেচত ৭৭ টা গ’ল দি দলটোৰ সৰ্বকালৰ আগশাৰীৰ স্ক’ৰাৰ হৈয়েই আছে পেলে ।

শুকুৰবাৰে এলবাৰ্ট আইনষ্টাইন হাস্পতালে জনোৱা মতে, পেলেই কেন্সাৰৰ বিৰুদ্ধে কেমোথেৰাপি লোৱাৰ সময়তে সংক্ৰমণৰ চিকিৎসাৰ বাবে এন্টিবায়টিক গ্ৰহণ কৰি আছে । পেলেৰ প্ৰকৃত নাম এডছন আৰেণ্টেছ ডু নাচিমেণ্টো (Pele full name)৷ ২০২১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ কলন টিউমাৰ আঁতৰাই পেলোৱা হৈছিল ।

দেহৰ আন অংগলৈ কেন্সাৰ বিয়পিছিল নে নাই সেয়া তেওঁৰ পৰিয়াল বা চিকিৎসালয়েও জনোৱা নাই । শনিবাৰে বাতৰি কাকত ফ’লহা ডি এছ পাউলোৱে প্ৰকাশ কৰা অনুসৰি পেলেৰ কেমোথেৰাপিয়ে কাম কৰা নাই আৰু চিকিৎসকে তেওঁক প্ৰশমনমূলক যত্ন লোৱাৰ সিদ্ধান্ত লৈছে । এছ’চিয়েটেড প্ৰেছে সেই তথ্য নিশ্চিত কৰিব পৰা নাছিল । বুধবাৰে ই এছ পি এন ব্ৰাজিলে প্ৰকাশ কৰা অনুসৰি পেলেক “সাধাৰণভাৱে ফুলা” লক্ষণৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷

লগতে পঢ়ক: FIFA World Cup 2022: কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ আৰ্জেন্টিনা-নেডাৰলেণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.