ETV Bharat / sports

Para Asian Games 2023 : পেৰা এছিয়ান গেমছত ভাৰতৰ একাদশ স্বৰ্ণ জয়; তৃতীয় দিনত মুঠ পদক ৪২ - Para Asian Games 2023 India gold medals

পেৰা এছিয়ান গেমছৰ তৃতীয়দিনা ভাৰতে দ্বিতীয়টো স্বৰ্ণ পদক জয় কৰিছে । এতিয়ালৈকে লাভ কৰা দুয়োটা স্বৰ্ণ পদক জেভলিন থ্ৰ'ত আহিছে ।

পেৰা এছিয়ান গেমছত ভাৰতৰ একাদশ স্বৰ্ণ জয়; তৃতীয় দিনত মুঠ পদক ৪২
Para Asian Games 2023
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 2:26 PM IST

স্পৰ্টছ ডেস্ক, ২৫ অক্টোবৰ : চলিত পেৰা এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে । চীনৰ হাংঝৌত চলি থকা পেৰা এছিয়ান গেমছ, ২০২৩ৰ তৃতীয়দিনা ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক জয় কৰে সুমিত এণ্টিয়েলে । জেভলিন থ্ৰ'ত তেওঁ স্বৰ্ণ পদক জয় কৰে । আনহাতে, পুৰুষৰ জেভেলিন থ্ৰ' ইভেণ্টত এফ ৩৭/এফ ৩৮ ফাইনেলত ভাৰতীয় এথলীট হানিয়ে দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰে । ৫৫.৯৭ মিটাৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ'ৰ সৈতে হানিৰ উজ্জ্বল প্ৰদৰ্শনে জেভলিন থ্ৰ' তাৰকাগৰাকীয়ে গেমছ ৰেকৰ্ড গঢ়ে । ইয়াৰ উপৰি পুষ্পেন্দ্ৰ সিঙে তৃতীয়দিনা পুৰুষৰ জেভলিন থ্ৰ'-এফ৬৪ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।

এই দুটা স্বৰ্ণ পদকৰ সৈতে পেৰা এছিয়ান গেমছত ভাৰতৰ মুঠ পদকৰ সংখ্যা ১১ টালৈ বৃদ্ধি পাইছে । আনহাতে, মুঠ পদকৰ সংখ্যা হৈছেগৈ ৪২ ।

উল্লেখ্য যে সুমিত এণ্টিলে পেৰা এছিয়ান গেমছত ৭৩.২৯ মিটাৰৰ থ্ৰ'ৰে বিশ্ব অভিলেখ গঢ়ে । তেওঁ চলিত বছৰৰ আৰম্ভণিতে পেৰিছত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপতো স্বৰ্ণ পদক জয়ৰ সময়ত ৭০.৮৩ মিটাৰৰ অভিলেখ গঢ়িছিল। আন এগৰাকী ভাৰতীয় খেলুৱৈ পুষ্পেন্দ্ৰ সিঙেও একেখন প্ৰতিযোগিতাতে সফলতা অৰ্জন কৰে আৰু ৬২.০৬ মিটাৰ দলিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে । আনহাতে, শ্ৰীলংকাৰ চামিথা আৰাচিছে কোডিথুভাক্কুৱে ৬৪.০৯ মিটাৰ দলিয়াই ৰূপৰ পদক অৰ্জন কৰে ।

পুৰুষৰ জেভলিন এফ ৬৪ ইভেণ্টত টকিঅ' পেৰালিম্পিক গেমছত সুমিত এণ্টিলৰ বিজয়ে ইতিমধ্যে বিশ্বমানৰ এথলীট হিচাপে নিজৰ স্থিতি অধিক দৃঢ় কৰি তুলিছিল । তাত তেওঁ সেই সময়ৰ ৬৮.৫৫ মিটাৰৰ বিশ্ব অভিলেখ গঢ়িছিল ।

সুমিত এণ্টিলে এই প্ৰতিযোগিতাত ৭৩.২৯ মিটাৰ থ্ৰ'ৰে এছিয়ান পেৰা গেমছৰ অভিলেখ, বিশ্ব অভিলেখ আৰু এছিয়ান অভিলেখ ভংগ কৰে ।

এইবাৰ ভাৰতে পেৰা এছিয়ান গেমছলৈ ৩০৩ জন খেলুৱৈ প্ৰেৰণ কৰিছে । ইয়াৰে ভিতৰত ১৯১ গৰাকী পুৰুষ আৰু ১১২ গৰাকী মহিলা এথলিট । যিটো হৈছে এতিয়ালৈকে সৰ্ববৃহৎ দল । ২০১৮ এছিয়ান পেৰা গেমছত ভাৰতে মুঠ ১৯০ গৰাকী খেলুৱৈ প্ৰেৰণ কৰিছিল । উক্ত প্ৰতিযোগিতাত ভাৰতে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ১৫ টা সোণসহ ৭২ টা পদক লৈ দেশলৈ উভতিছিল ।

লগতে পঢ়ক :CWC23 Afg vs Pak : নাই নিজৰ ষ্টেডিয়াম, নাই তালিবান চৰকাৰৰ সমৰ্থন ! দৃঢ় সংকল্প আৰু প্ৰবল ইচ্ছাশক্তি আফগান ক্ৰিকেটৰ মূলধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.