স্পৰ্টছ ডেস্ক, 6 অক্টোবৰ : ভাৰতত অনুষ্ঠিত হোৱা প্ৰথমখন এনবিএ মেচৰ পাছতে এই সম্পৰ্কত প্ৰতিক্ৰিয়া আগবঢ়াইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই মেচ ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ এক ঐতিহাসিক মুহূৰ্ত বুলি মন্তব্য কৰে মোডীয়ে ৷
টুইটাৰৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে, "কালিৰ দিনটো ভাৰত আৰু ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ ক্ষেত্ৰত এক ঐতিহাসিক দিন ৷ ভাৰতৰ প্ৰথমখন এনবিএ মেচ মুম্বাইত অনুষ্ঠিত হ'ল ৷ পেচাৰছ আৰু ছেক্ৰামেন্ট' কিংছ দলৰ মাজত অনুষ্ঠিত মেচখনে দৰ্শকক মুহিবলৈ সক্ষম হয় ৷ তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱা দুয়োটা দলকে শুভেচ্ছা জ্ঞাপন কৰিলো ৷"
-
Basketball 🏀 is very popular among our youth. The @NBA matches set the stage, or rather set the court for greater linkages in sports. I hope more youngsters pursue basketball and also contribute to the Fit India Movement. #NBAIndiaGames
— Narendra Modi (@narendramodi) October 5, 2019 " class="align-text-top noRightClick twitterSection" data="
">Basketball 🏀 is very popular among our youth. The @NBA matches set the stage, or rather set the court for greater linkages in sports. I hope more youngsters pursue basketball and also contribute to the Fit India Movement. #NBAIndiaGames
— Narendra Modi (@narendramodi) October 5, 2019Basketball 🏀 is very popular among our youth. The @NBA matches set the stage, or rather set the court for greater linkages in sports. I hope more youngsters pursue basketball and also contribute to the Fit India Movement. #NBAIndiaGames
— Narendra Modi (@narendramodi) October 5, 2019
তেওঁ লগতে কয় যে, ভাৰতৰ নৱপ্ৰজন্মৰ মাজত বাস্কেটবল জনপ্ৰিয় ৷ এই দুয়ো দলৰ মাজৰ মেচ উপভোগ কৰাৰ পাছত নৱপ্ৰজন্মৰ খেলুৱৈসকলে বাস্কেটবল খেলিবলৈ উৎসাহিত হ'ব ৷
উল্লেখ্য যে, মুম্বাইত অনুষ্ঠিত প্ৰথমখন এনবিএ মেচত ইণ্ডিয়ানা পেচাৰছ দলে ছেক্ৰামেন্ট' কিংছ দলক 132-131 ব্যৱধানত পৰাস্ত কৰে ৷ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰিলায়েন্স ফাউণ্ডেছনৰ অধ্যক্ষ নীতা আম্বানী ৷ এই ইভেন্টতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে ভূৱন বামে ৷